মহানগৰীৰ পাথৰকুঁৱৰী-পাণ্ডুত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা

মহানগৰীৰ পাথৰকুঁৱৰী-পাণ্ডুত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা

author-image
Asomiya Pratidin
New Update
মহানগৰীৰ পাথৰকুঁৱৰী-পাণ্ডুত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা

পাণ্ডুত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা

ডিজিটেল ডেস্ক : গুৱাহাটী মহানগৰীৰ পাথৰকুঁৱৰী আৰু পাণ্ডুত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। পাথৰকুঁৱৰীস্থিত সাগৰিকা বিবাহ ভৱনৰ চৌহদৰ পিছফালে থকা পাহাৰৰ বিশালকায় ৰঙা মাটি খহি পৰাৰ লগতে এখন প্ৰকাণ্ড পকী দেৱাল ভাঙি পৰে।

Advertisment

ইয়াৰোপৰি পাহাৰৰ ৰঙা মাটিৰ তলত সোমাই যায় এখন বেলে'ন বাহন। যিকোনো মুহূৰ্তত পাহাৰৰ বৃহৎ অংশ খহি অহাৰ আশংকা ব্যক্ত কৰিছে স্থানীয় ৰাইজে ।

পাথৰকুঁৱৰীত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা
পাথৰকুঁৱৰীত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা

জানিব পৰা মতে চৌহদটোৰ স্বত্বাধিকাৰী পদ্মেশ্বৰ বসুমতাৰীয়ে অবৈধভাৱে পাহাৰৰ ৰঙা মাটি খনন কৰা তথা অবৈধভাৱে ঘৰ নিৰ্মাণ কৰাৰ ফলত এনে ঘটনা সংঘটিত হৈছে। ৰাইজৰ অভিযোগ অনুসৰি ঘটনাস্থলীত এতিয়াও উপস্থিত হোৱা নাই বন বিভাগ কিম্বা প্ৰশাসনৰ লোক।

পাণ্ডুত ভয়ংকৰ ভূমিস্খলন

পাণ্ডুত ভয়ংকৰ ভূমিস্খলন
পাণ্ডুত ভয়ংকৰ ভূমিস্খলন

মহানগৰীৰ পাণ্ডুতো সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। জানিব পৰা মতে ব্ৰহ্মপুত্ৰ নদীত পৰিল দুখন ঘৰৰ আধা অংশ। ধাৰাসাৰ বৰষুণৰ ফলত খহি পৰে দুয়োখন ঘৰৰ আধা অংশ।

ইফালে দুয়োখন ঘৰৰ আধা অংশ খহি পৰাৰ ফলত বিভিন্ন সামগ্ৰী ব্ৰহ্মপুত্ৰৰ বুকুত পৰে। উল্লেখ্য যে পাণ্ডুৰ বিজয় হালৈ আৰু বিনয় ডেকাৰ ঘৰত সংঘটিত হৈছে এই ঘটনা।

সমান্তৰালকৈ একেই অঞ্চলত এখন ঘৰত খহি পৰিল প্ৰকাণ্ড শিল। ধীৰেণ দাস নামৰ লোক এজনৰ ঘৰত পাহাৰৰ শিল পৰাৰ কথা জানিব পৰা গৈছে । পাণ্ডু কামাখ্যা সংযোগী পথৰ কাষত সংঘটিত হৈছে এই ঘটনা।

Also Read: তামিলনাডুত অঘটন : অবৈধ সুৰা সেৱন কৰাৰ ফলত প্ৰাণ গ’ল ৩৪ জনৰ, ৪জনক আটক

narengi Pandu landslide