Advertisment

বহু কেইজন IAS বিষয়াক পদোন্নতি...

নতুন বছৰৰ প্ৰথম দিনটোতে অসম চৰকাৰৰ পাৰ্ছনেল (প্ৰশাসন) বিভাগৰ সচিব মনিতা বৰগোঁহায়ে স্বাক্ষৰ কৰা নিৰ্দেশনাৰ জৰিয়তে বহু কেইজন আই এ এছ বিষয়াক পদোন্নতিসহ বদলি কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ পাৰ্ছনেল (প্ৰশাসন) বিভাগৰ সচিব মনিতা বৰগোঁহায়ে স্বাক্ষৰ কৰা নিৰ্দেশনাৰ জৰিয়তে বহু কেইজন আই এ এছ বিষয়াক পদোন্নতিসহ বদলি কৰা হৈছে।

Advertisment

সেই অনুসৰি শিৱসাগৰৰ জিলা আয়ুক্ত আই এ এছ আয়ুস গাৰ্গ, নগাওঁ জিলাৰ আয়ুক্ত আই এ এছ নৰেন্দ্ৰ কুমাৰ শ্বাহ আৰু অসম চৰকাৰৰ উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ অতিৰিক্ত সচিব আই এ এছ পি উদয়নক জুনিয়ৰ এডমিনিষ্ট্ৰিটিভ গ্ৰেড হিচাপে নিযুক্তি দিয়া হৈছে। ২০১৬ বৰ্ষৰ এই তিনিওগৰাকী আই এ এছ বিষয়াই দ্বাদশ পৰ্যায়ৰ পে’ মেট্ৰিক্স লাভ কৰাৰ উপৰিও অন্যান্য সুবিধাসমূহ লাভ কৰিব।

নলবাৰী জিলাৰ আয়ুক্ত আই এ এছ বৰ্ণালী ডেকা আৰু গৃহ আৰু ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ সচিব আই এ এছ বিশ্বজিত পেগুক পদোন্নতিসহ চতুৰ্দশ পৰ্যায়ৰ আই এ এছৰ ছুপাৰ টাইম স্কেল প্ৰদান কৰাৰ লগতে অন্যান্য সুবিধা লাভ কৰিব। একেদৰে এই সুবিধা লাভ কৰিব আই এ এছ জে ভি এন সুব্ৰমণিয়মে। তেওঁ বৰ্তমান কেন্দ্ৰীয় ডেপুটেশ্বনত আছে। ২০০৯ বৰ্ষৰ আই এ এছ এই কেইগৰাকী বিষয়া।

দক্ষিণ শালমাৰাৰ সম জিলা আয়ুক্ত আই এ এছ জয় বিকাশ, বিজনী সম জিলাৰ আয়ুক্ত আই এ এছ কৃতী চাচৰা, বিলাসীপাৰা সম জিলাৰ আয়ুক্ত আই এ এছ সৃষ্টি সিং আৰু মাৰ্ঘেৰিটা সম জিলাৰ আয়ুক্ত আই এ এছ পৰীক্ষিত থৌদামক পদোন্নতিসহ আই এ এছৰ একাদশ পৰ্যায়ৰ পে’মেট্ৰিক্স প্ৰদান কৰাৰ লগতে অন্যান্য সুবিধাসমূহ প্ৰদান কৰা হ’ব। উল্লেখ্য যে, এই চাৰিওগৰাকী আই এ এছ বিষয়া ২০২১ বৰ্ষৰ। 

একেদৰে ২০২১ বৰ্ষৰ আই এ এছ ক্ৰমে ঘনশ্যাম দাস, পল্লৱ গোপাল ঝা, ঔনাম চৰণ কুমাৰ সিং, মানৱেন্দ্ৰ প্ৰতাপ সিং, মনিতা বৰগোহাঁই, গীতাঞ্জলি ভট্টাচাৰ্য, ফাজলুল হক চৌধুৰী, কাব্যশ্ৰী মহন্ত, স্মিতাক্ষী বৰুৱা, মালৱিকা চৌধুৰী, ইন্দ্ৰেশ্বৰ কলিতা, কৌশৰ জামিল হিলালি, দেৱ কুমাৰ কলিতা, দিলীপ কুমাৰ বৰা, অনসুৱা দত্ত বৰুৱা আৰু বৰ্ষাতী দাসক পদোন্নতিসহ আই এ এছৰ ত্ৰয়োদশ পৰ্যায়ৰ পে’ মেট্ৰিক্স প্ৰদান কৰাৰ লগতে অন্যান্য সুবিধাসমূহ প্ৰদান কৰা হ’ব।

অসম চৰকাৰ