মনময়ূৰী লহকৰৰ দ্বিতীয় খন ইংৰাজী কবিতা পুথি "মেল'ডাইজ অৱ মাইণ্ড" উন্মোচন...

দেওবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাবত জ্যেষ্ঠ বেংক বিষয়া তথা কবি মনময়ুৰী লহকৰৰ দ্বিতীয় খন কবিতা পুথি "মেল'ডাইজ অৱ মাইণ্ড" (melodies of the mind) উন্মোচন কৰা হয়

author-image
Asomiya Pratidin
New Update
মনময়ূৰী লহকৰৰ দ্বিতীয় খন ইংৰাজী কবিতা পুথি "মেল'ডাইজ অৱ মাইণ্ড"  উন্মোচন...

ডিজিটেল সংবাদ: দেওবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাবত জ্যেষ্ঠ বেংক বিষয়া তথা কবি মনময়ুৰী লহকৰৰ দ্বিতীয় খন কবিতা পুথি "মেল'ডাইজ অৱ মাইণ্ড" (melodies of the mind) উন্মোচন কৰা হয় । উন্মোচন কৰে বিশিষ্ট কবি নীলিম কুমাৰে।

Advertisment

ইংৰাজী কবিতা পুথি খন উন্মোচন কৰি তেওঁ কয় যে, কবিতা হৃদয়ৰ পৰা অহা সৃষ্টি হোৱা এক স্বৰ্গীয় অনুভূতি আৰু মগজুৰ দ্বাৰা নিৰ্মিত এক জটিল প্ৰক্ৰিয়া । কবিতা লিখাটো ইমান সহজ সাধ্য কথা নহয় । সকলো অনুভূতিয়েই কেতিয়াও কবিতা হ'ব নোৱাৰে । কবি মনময়ুৰীৰ সৃজনশীলতাক ভূয়ুসী প্ৰশংসা কৰি তেওঁ লগতে কয়- কেৱল জটিল বা দাঁত ভঙা শব্দৰেও কবিতা লিখিব পাৰে । বৰঞ্চ সেয়া সহজবোধ্যহে।

আন এজন বিশিষ্ট কবি, সাহিত্যিক পেঞ্চনাৰ দেৱ প্ৰসাদ তালুকদাৰেও বহুকেইজন বিখ্যাত কবিৰ উধৃতিৰে কবিতাৰ এক সাৱলীল বক্তৃতা আগবঢ়ায়। তদুপৰি ইংৰাজী কবিতাৰ প্ৰয়োজনীয়তাৰ বিষয়েও যুক্তি আগবঢ়ায়। উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট সমালোচক, প্ৰবন্ধকাৰ, বুদ্ধিজীবি ময়ুৰ বৰাই বৰ উদ্দাত্ত কণ্ঠেৰে বিভেদগামি শক্তিৰ বিৰূদ্ধে শিল্পী , সাহিত্যিক, কবি- গীতিকাৰ , সাংবাদিকক যুঁজিবলৈ যুক্তি আগবঢ়ায় আৰু কোনো কাৰণতে শিৰ নত নকৰিবলৈ আহ্বান জনায় ।

তেওঁ কয় যে, বৰ্তমানৰ এনে পৰিৱেশত কবিতা গল্প বা ইতিবাচক লিখনিৰ অতি প্ৰয়োজন হৈ পৰিছে। বিভিন্ন উদাহৰনেৰ যুক্তিনিষ্ট বক্তৃতা প্ৰদান কৰে। কবি মনময়ুৰীয়ে তেওঁৰ সহজ সৰল ভাষাত হৃদয়ৰ কথাবোৰ লিখিছে আৰু প্ৰকাশক "উইছেন মংক" ৰ হৈ ভাৰ্গব ভড়ালীয়ে বৰ ধুনীয়াকৈ সজাই পৰাই প্ৰকাশ কৰি উলিয়াইছে বুলিও তেওঁ মত ব্যক্ত কৰে। সমাজৰ বহু কেইগৰাকী গণ্য মান্য লোকৰ উপস্থিতিত জ্যেষ্ঠ সাংবাদিক ভূপেন গোস্বামী কবি আৰু কবিতাৰ ওপৰত চমু বক্তব্য আগবঢ়ায়। অনুষ্ঠানত উদীয়মান কবি নম্ৰতা তালুকদাৰ, কণমানি নব্যাও কবিগৰাকীৰ এটাকৈ কবিতা পাঠ কৰে ।

শেষত কবিগৰাকীৰ শাহু তথা কবি লীলা প্ৰভা দাসে শলাগৰ শৰাই আগবঢ়োৱাৰ লগতে কবি গৰাকীৰ স্বামী তথা বিশিষ্ট কবি নয়ন কাশ্যপে সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি আৰু এটি কবিতাও পাঠ কৰি সকলোকে আপ্লুত কৰি তোলে। প্ৰকাশক " উইছেন মংক"ৰ কতৃপক্ষই অতি সুন্দৰ ভাৱে আটকধুনীয়া বেটুপাতৰে প্ৰকাশিত কবিতা পুথি খন পাঠক সমাজত সমাদৃত হ'ব বুলি সকলোৱে আশা প্ৰকাশ কৰে।

Also Read: মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি খালিস্তানীৰ, তৎপৰ অসম আৰক্ষী...

guwahati press club