/asomiyapratidin/media/media_files/2025/04/10/o7iOa0cgWzNMGNhQ2Cw1.jpg)
ডিজিটেল সংবাদ গুৱাহাটী: গুৱাহাটী ভেটাপাৰা জ্যোতি পথ নিৱাসী মন্ময় মহন্তই বুধবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি তেওঁ বৃক্কৰ কঠিন ৰোগত আক্ৰান্ত হৈ আছিল।
বিশিষ্ট চিন্তাবিদ প্ৰয়াত ড০ প্রফুল্ল মহন্তৰ পুত্ৰ বোলছবি উদ্যোগৰ সৈতে জড়িত প্ৰয়াত মহন্তৰ মৃত্যুৰ সময়ত বয়স হৈছিল মাত্ৰ ৫২ বছৰ। মৃত্যুৰ সময়ত তেওঁ মাতৃ চেনিচম্পা মহন্ত, জ্যেষ্ঠ ভগ্নী ঋতুপৰ্না আৰু জ্যেষ্ঠ ভাতৃ ড০ ৰাহুল মহন্তক ইহ সংসাৰত এৰি থৈ যায়।
মানৱতাবাদী আৰু বিজ্ঞানমনস্ক চিন্তাৰে পৰিপুষ্ট মন্ময় মহন্তৰ শেষ ইচ্ছা অনুসৰি আজি তেখেতৰ মৰণোত্তৰ দেহ গুৱাহাটীৰ চাংসাৰিত থকা অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ)ত দান কৰা হয়। এই দেহদান অনুষ্ঠানত উপস্থিত থাকে কেইবাগৰাকীও শিক্ষক-কৰ্মচাৰী।
তাৰ পূৰ্বে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত এইমছৰ অধ্যাপক অমনদীপ কৌৰ, ইলোৰা বিজ্ঞান মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ পক্ষৰ পৰা সম্পাদক কমলেশ গুপ্ত, যুটীয়া সম্পাদক জগদীশ দত্ত, শিশিৰ ভট্টাচাৰ্য্য মনোজ ৰায়, পৰিয়ালৰ সদস্যসকলৰ উপৰিও চিকিৎসা মহাবিদ্যালয়ৰ পক্ষৰ পৰা বিজ্ঞানমনস্ক আৰু মানৱহিতৈষী ব্যক্তিগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
ইলোৰা বিজ্ঞান মঞ্চই মানৱহিতৈষী তথা বিজ্ঞানমনস্ক মন্ময় মহন্তৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে আৰু মানবতাবাদী ব্যক্তিগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। মঞ্চই তেখেতৰ শোকবিহ্বল পৰিয়ালৰ প্ৰতি জ্ঞাপন কৰিছে গভীৰ সমবেদনা।