৩ দিনৰ ট্ৰেনজিট ৰিমাণ্ডত অসমলৈ অনা হৈছে প্ৰৱঞ্চক মানস চলিহাক...

মানস চলিহা !
মানস চলিহা !

ডিজিটেল ডেস্কঃ পশ্চিমবংগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা প্ৰৱঞ্চক মানস চলিহাক লৈ অনা হৈছে অসমলৈ। জানিব পৰা মতে আলিপুৰদুৱাৰৰ এখন হোটেলত আত্মগোপণ কৰি থকাৰ অৱস্থাত গ্ৰেপ্তাৰ হোৱা মানস চলিহাক পুৱতি নিশা কোকৰাঝাৰ সদৰ আৰক্ষী থানালৈ লৈ অনা হৈছে।

৩ দিনৰ বাবে ট্ৰেনজিট ৰিমাণ্ডত অসম আৰক্ষীয়ে আনিছে মানস চলিহাক। ইফালে মহানগৰীৰ সমগ্ৰ আৰক্ষী প্ৰশাসন ব্যৱস্থাটো প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীত ব্যস্ত হৈ থকাৰ সময়তে মানস চলিহাক কোকৰাঝাৰৰ পৰা গুৱাহাটীলৈ লৈ অনা হ'ব।

উল্লেখ্য যে নিষিদ্ধ ঘোষিত সংগঠন সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ শিবিৰত গুপ্তচৰ কৰিবলৈ গৈ ধৰা পৰা মানস বৰগোঁহাইয়ে প্ৰেৰণ কৰা ভাষ্যৰ পাছতে এটাৰ পিছত এটাকৈ পোহৰলৈ আহিছিল প্ৰৱঞ্চক মানস চলিহাৰ কু-কৰ্ম। ইয়াৰ পাছৰে পৰা আত্মগোপণ কৰি আছিল মানস চলিহা।

ইফালে মানস বৰগোঁহাইয়ে উল্লেখ কৰা মতে তেওঁলোকক প্ৰশিক্ষণ দিয়া মানস চলিহা এছ বিৰ জ'নেল হেড। কিন্তু মানস চলিহাই বিভিন্ন সময়ত বিভিন্ন ৰূপ লৈ বহু লোকক প্ৰৱঞ্চনা কৰাৰ তথ্য পোহৰলৈ আহিছে। আনকি তেওঁৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত ২০২৩ তে ৰুজু হৈ থকা এটা গোচৰৰ কথা পোহৰলৈ আহিছে।

জানিব পৰা মতে মানস চলিহাই এগৰাকী ব্যৱসায়ীৰ পৰা ৮ লাখ টকা প্ৰৱঞ্চনাৰে সৰকাইছিল। একাংশ সংবাদ মাধ্যমত এই বিষয়ে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই এতিয়া তৎপৰ হৈ পৰিছে অসম আৰক্ষী।

এই সংক্ৰান্তত দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে ভুক্তভোগীৰ ভাষ্য সংগ্ৰহ কৰিছে। উল্লেখ্য যে, দিছপুৰ থানাত এই গোচৰটো ২০২৩ত গোচৰ ৰুজু কৰা হৈছিল। কিন্তু মানস চলিহাই আৰক্ষীক তদন্তত সহযোগিতা কৰা নাই বুলি একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে।

মানস চলিহা !
ৰিজাৰ্ভ বেংকৰ ৰোষত পেটিএমঃ এটা পান নম্বৰত এহেজাৰ একাউণ্ট, আৰ্থিক দুৰ্নীতিৰ অভিযোগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in