গ্ৰেপ্তাৰ হ'ব পাৰে মানস চলিহা !

দিছপুৰ আৰক্ষী থানাত ৰুজু হৈ আছে প্ৰৱঞ্চনাৰ গোচৰ
গ্ৰেপ্তাৰ হ'ব পাৰে মানস চলিহা !
গ্ৰেপ্তাৰ হ'ব পাৰে মানস চলিহা !

ডিজিটেল ডেস্কঃ গ্ৰেপ্তাৰ হ'ব পাৰে মানস চলিহা। আলফা (স্বাধীন)ৰ শিবিৰত গুপ্তচৰ কৰিবলৈ গৈ ধৰা পৰা মানস বৰগোঁহাই নামৰ যুৱকজনে এটাৰ পিছত এটাকৈ বিস্ফোৰন ঘটাই থকাৰ মাজতে পোহৰলৈ আহিছে মানস চলিহা নামৰ ব্যক্তিজনৰ এক প্ৰৱঞ্চনাৰ গোচৰ।

মানস বৰগোঁহাইয়ে তেওঁলোকক প্ৰশিক্ষণ দিয়া মানস চলিহাক এছ বিৰ জ'নেল হেড বুলি দাবী কৰি অহাৰ সময়তে দিছপুৰ আৰক্ষী থানাত মানস চলিহাৰ বিৰুদ্ধে ২০২৩ তে ৰুজু হৈ থকা এটা গোচৰৰ কথা পোহৰলৈ আহিছে।

জানিব পৰা মতে মানস চলিহাই এগৰাকী ব্যৱসায়ীৰ পৰা ৮ লাখ টকা প্ৰৱঞ্চনাৰে সৰকাইছিল। একাংশ সংবাদ মাধ্যমত এই বিষয়ে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই এতিয়া তৎপৰ হৈ পৰিছে অসম আৰক্ষী।

এই সংক্ৰান্তত দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে ভুক্তভোগীৰ ভাষ্য সংগ্ৰহ কৰিছে। উল্লেখ্য যে, দিছপুৰ থানাত এই গোচৰটো ২০২৩ত গোচৰ ৰুজু কৰা হৈছিল। কিন্তু মানস চলিহাই আৰক্ষীক তদন্তত সহযোগিতা কৰা নাই বুলি একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে।

গ্ৰেপ্তাৰ হ'ব পাৰে মানস চলিহা !
দিনত বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদঃ নিশা কেজৰিৱালৰ ঘৰত ক্ৰাইম ব্ৰাঞ্চৰ দল..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in