/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/0d71139f-ccbf-4097-b276-fdaf95f25acf.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ ২৩ মে'ত ঘোষণা হ'ব দেশৰ লোকসভা নিৰ্বাচনৰ ফলাফল। অৱশ্যে এতিয়াও বাকী আছে সপ্তম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। ৩টাকৈ পৰ্যায়ত অনুষ্ঠিত হোৱা অসমৰ লোকসভাৰ ১৪ খন আসনৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৭খন ৰাজ্যৰ ২৪ খন আসনৰ ফলাফলক লৈ ৰাজনৈতিক মহলত আলোচনা হৈ থকাৰ সময়তে যাদুগৰ বিক্ৰমে বাকচত বন্ধ কৰিলে এই আসন কেইখনৰ ফলাফল। ৭টাকৈ তলাৰে বন্ধ কৰা বাকচটো মঙলবাৰে তেওঁ জমা দিলে গুৱাহাটী প্ৰেছ ক্লাৱ কৰ্তৃপক্ষক। সংবাদ মাধ্যমৰ সৈতে জড়িত ৭জন ব্যক্তিয়ে তলা লগাই বন্ধ কৰি ৰাখিলে বিক্ৰমৰ ফলাফল।
২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়তো যাদুকৰজনে দিছিল কাৰ মুখত বিৰিঙিব শেষ হাঁহি তাৰ উত্তৰ। এশ শতাংশই শুদ্ধ প্ৰমাণিত হৈছিল সেই ফলাফল। ফলাফল প্ৰমাণিত হোৱাৰ পিছতে পূৰ্বে মাত্ৰ অসমক লৈ ভৱিষ্যদ্বাণী কৰা বিক্ৰমে এইবাৰ আগবঢ়াইছে উত্তৰ-পূবৰ ৭ ভনীৰ নিৰ্বাচনী ফলাফল।
নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কিছুদিন পূৰ্বৰে পৰা অসমত বিজেপিয়ে সংখ্যা গৰিষ্ঠ আসন পাব বুলি দলটোৱে প্ৰকাশ কৰা আত্মবিশ্বাস মিছা হ'ব বুলি পৰোক্ষভাৱে মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদ মাধ্যমক ক'লে তেওঁ। বিক্ৰমৰ মতে অসমৰ ৰাইজে যি দলে সংখ্যা গৰিষ্ঠ আসন পাব বুলি ভাবিছে সেই দলৰ আসনৰ সংখ্যা কমিব বুলি মন্তব্য কৰে। লগতে তেওঁ কয়, ৰাজ্যৰ এটা বহুল ভাৱে চৰ্চিত সমষ্টিত দেখিবলৈ পোৱা যাব চিন্তাৰ বিপৰীত ফলাফল।
যাদু বিদ্যাৰে নিৰ্বাচনৰ ফলাফল আগতীয়াকৈ বন্ধ বাকচত মজুত কৰা বিক্ৰমে নিজৰ ফলাফলৰ কথা ক'বলৈ গৈ কয় যে পূৰ্বে উকা কাগজত তেওঁ লিখা সেই ফলাফল এইবাৰ লিখিছে এখন দহটকীয়া দলিলত। অসমৰ সৰ্বাধিক ভোটপ্ৰাপ্ত প্ৰাৰ্থীজনৰ নামো তেওঁৰ ফলাফলত সন্নিৱিষ্ট হোৱাৰ কথা উল্লেখ কৰি ২০১৪ চনত বিজয়া চক্ৰৱৰ্তীয়ে যে সৰ্বাধিক ভোট পাব সেই কথা তেওঁ তেতিয়াই কোৱা বুলি মন্তব্য কৰে।
১০ দিনৰ পূৰ্বেই ফলাফল উলিয়াই বাকচত বন্দী কৰি বিক্ৰমে লগতে কয় যে, অসমত যাদুৰ প্ৰচাৰ আৰু প্ৰসাৰ বৃদ্ধিৰ বাবেই তেওঁ লৈছে এই পদক্ষেপ। ইফালে ২০১৪ চনত অসমত মাত্ৰ ১০০ জন যাদুকৰ থকাৰ বিপৰীতে ২০১৯ চনত অসমত যাদুকৰৰ সংখ্যা ১৪০০লৈ বৃদ্ধি হোৱাৰ কথাও ক'লে যাদু সম্ৰাট বিক্ৰমে।