'গৰুক লৈ অনৈতিকতাৰ আশ্ৰয় লোৱা সকলোৰে অন্তিম পৰিণাম ভয়ানক হৈছে'- লুৰীণজ্যোতি গগৈ

প্ৰফুল্ল মহন্ত, নকুল দাস, দীগেন বৰা, লালু যাদৱ, ৰাৱড়ী দেৱীৰ উদাহৰণ দি লুৰীণজ্যোতি গগৈৰ বক্তব্য: 'গৰুক লৈ অনৈতিকতাৰ আশ্ৰয় লোৱা সকলোৰে অন্তিম পৰিণাম ভয়ানক'।

author-image
Asomiya Pratidin
New Update
'গৰুক লৈ অনৈতিকতাৰ আশ্ৰয় লোৱা সকলোৰে অন্তিম পৰিণাম ভয়ানক হৈছে'- লুৰীণজ্যোতি গগৈ

ডিজিটেল ডেস্কঃ ‘’গৰুক লৈ যিয়ে অনৈতিক কাম কৰিছে, গৰুক যিয়ে লুণ্ঠনৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে, ইতিহাস সাক্ষী, তাৰ শেষ পৰিণতি ভয়ংকৰ হৈছে। প্ৰফুল্ল মহন্ত, দীগেন বৰা, নকুল দাস, দিলীপ শইকীয়া, সোণোৱাল, ৰাজেন বৰা, লালু প্ৰসাদ যাদৱ, ৰাৱড়ী দেৱী তাৰ উদাহৰণ। হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সাংগো পাংগসকলেও সেই দিন দেখিব লাগিব। তেওঁলোকে গোমাতা বুলি কৈ ভোট লৈ ৰাজনীতি কৰে, আনহাতে গৰু ছিণ্ডিকেটৰ ধন লৈ উদৰ পুৰায়। ইমান দিনে গৰু ছিণ্ডিকেটৰ পোহাৰ মেলা হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ লগৰীয়াসকলৰ বেয়া দিনৰ আৰম্ভণি এই গৰু কেলেংকাৰী।‘’  

Advertisment

এই তাৎপৰ্য্যপূৰ্ণ মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ। দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ উপস্থিতিত আজি গুৱাহাটীৰ জয়ানগৰস্থিত নিজা বাসগৃহত আয়োজন কৰা এখন সংবাদ মেলত জাতীয়তাবাদী ৰাজনৈতিক দলটোৰ সভাপতিগৰাকীয়ে ৰাজ্যৰ শেহতীয়া গৰু কেলেংকাৰী সন্দৰ্ভত উক্ত সংবাদ মেলখনৰ আয়োজন কৰিছিল।

তেওঁ সংবাদ মেলৰ আৰম্ভণিতে কয় যে, গৰুখুঁটিৰ লোকসকলক সন্দেহযুক্ত বাংলাদেশী বুলি কৈ যেতিয়া উচ্ছেদ কৰা হৈছিল, তেতিয়া মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসম বিধান সভাৰ মজিয়াত গৰুখুঁটি কৃষি বিপ্লৱৰ আদৰ্শ (মডেল) হ'ব বুলি ঘোষণা কৰিছিল। কিন্তু আজি সেই কৃষি বিপ্লৱ কি অৱস্থাত আছে, সেয়া সকলোৰে চকুৰ আগত। 

দুগ্ধ বিপ্লৱৰ আদৰ্শ স্থাপনৰ নামত কেনেকৈ গৰু কেলেংকাৰী সংঘটিত কৰা ঘটনাই মুখ্যমন্ত্ৰী বিপ্লৱৰ স্বৰূপ উদঙাই দিছে। গৰুখুঁটিৰ উচ্ছেদিত লোকসকলক ক্ষতিপূৰণসহ দলগাঁও সমষ্টিত পুনৰ সংস্থাপন দিয়াৰ আঁৰত কি আৰু কাৰ ৰাজনৈতিক অংক জড়িত হৈ আছে,  সেইটোও এটা বিচাৰ্য্য বিষয় বুলি উল্লেখ কৰি গগৈয়ে কয় গৰুখুঁটিৰ মাটি খালী কৰি অসমীয়া যুৱক-যুৱতীক তাত খেতি কৰিবলৈ দিম বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল। 

সেই ঘোষণাৰ কি হ'ল? আনহাতে, মুখ্যমন্ত্ৰীয়ে সেই সময়ত গৰুখুঁটিৰ ওচৰৰ ঐতিহাসিক ধলপুৰ শিৱ মন্দিৰটো পুনৰ নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীয়ে সেই সময়ৰ দৰং জিলাৰ আৰক্ষী অধীক্ষক তথা মুখ্যমন্ত্ৰীৰ ভাতৃ সুশান্ত বিশ্ব শৰ্মাক উক্ত দায়িত্ব দিছিল। বৰ্তমানে মন্দিৰটো কি অৱস্থাত আছে, পুনৰ নিৰ্মাণ হ'লনে নাই, সেয়া জনাব লাগে বুলি গগৈয়ে কয়।

গৰুখুঁটিত দুগ্ধ প্ৰকল্প স্থাপন বা গীৰ গাই ক্ৰয়ৰ আঁৰৰ প্ৰকৃত উদ্দেশ্য দুগ্ধ পালন নে তাৰ নামত ধন আত্মসাৎ কৰা, সেয়া সন্দেহৰ আৱৰ্তত বুলি উল্লেখ কৰি গগৈয়ে কয় যে গীৰ গাই পালন অসমৰ পাৰিপাৰ্শ্বিকতাৰ বাবে উপযুক্ত হয় নে নহয় বা গীৰ গাই পালনেৰে লাভজনকভাৱে দুগ্ধ উৎপাদনৰ সম্ভাৱনা আছে নে নাই, তাৰ কিবা বিশেষজ্ঞ পৰ্যায়ৰ অধ্যয়ন কৰা হৈছিল নে নাই, সেই তথ্য ৰাজহুৱা কৰা উচিত। 

তেওঁৰ মতে, গোহালি নিৰ্মাণ নকৰাকৈয়ে ৩০০ গীৰ গাই আমদানিৰ আঁৰৰ ৰহস্যটো কি, সেয়াও অনুসন্ধানৰ প্ৰয়োজন আছে। নিবিদাৰ জৰিয়তে ক্ৰয় কৰা তিনিশ গীৰ গাইৰ মাজৰ পৰা কি নিয়মৰ আধাৰত ৰঙিয়া ষ্টেচনৰ পৰা অন্তৰ্ধান কৰা হ'ল, সেইটোও তদন্ত কৰিব লাগে। 

মুখ্যমন্ত্ৰীৰ বক্তব্য আৰু জয়ন্ত মল্ল বৰুৱাৰ বক্তব্যৰ মাজত মিল নাই বুলি উল্লেখ কৰি গগৈয়ে কয় যে এই কথাই প্ৰমাণ কৰে যে বিষয়টো অতি গভীৰ। বিজেপিৰ সভাপতি দিলীপ শইকীয়া, বিধায়ক ভূৱন পেগু, দিগন্ত কলিতা, উৎপল বৰাকে প্ৰমুখ্য কৰি যিসকল ব্যক্তিৰ ওচৰত চৰকাৰী গীৰ গাই নিয়ম বহিৰ্ভূত ভাৱে বিক্ৰি কৰা হৈছিল, তেওঁলোক কোন কোন দুগ্ধ পামৰ লগত জড়িত, বা জনপ্ৰতিনিধিক দিবলৈ সিদ্ধান্ত লোৱা গীৰ গাই বাবুল নাথ, নীৰজ বৰা আদিৰ দৰে অজনপ্ৰতিনিধিয়ে কেনেকৈ ৫০ টা গীৰ গাই পালে, সেই কথা ৰাজহুৱা কৰিবলৈ গগৈয়ে মুখ্যমন্ত্ৰীক আহ্বান জনায়। 

গীৰ গাই কিনাৰ সময়ত বীমা কৰিছিল নে নাই, গৰুখুঁটি দুগ্ধ প্ৰকল্প স্থাপনৰ পূৰ্বে কোন কোন বিশেষজ্ঞৰ সৈতে আলোচনা কৰিছিল, সেই প্ৰশ্নৰ উত্তৰ দিব লাগে বুলি গগৈয়ে কয়। 

আনহাতে নিবিদাৰ জৰিয়তে অসম চৰকাৰলৈ ৰাষ্ট্ৰীয় গোধন উন্নয়ন পৰিষদ (এন ডি ডি বি) য়ে যোগান ধৰা গৰুৰ মাজত যে মতা গৰু, গাখীৰ নিদিয়া বা বেমাৰী গৰুও যোগান ধৰি ঠগিছিল, সেই বিষয়ে অসম চৰকাৰে এন ডি ডি বি বা কেন্দ্ৰীয় চৰকাৰক অভিযোগ দিছিল নে নাই, সেইটো স্পষ্ট কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় গগৈয়ে। গোধন যোগান বা পালনৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত আই এ এছ বিষয় বিনোদ ছেচানক পৰৱৰ্তী পৰ্যায়ত এই প্ৰক্ৰিয়াৰ পৰা কিয় আঁতৰাই ৰখা হ'ল, ৰাজ্যত হাজাৰ হাজাৰ প্ৰকৃত গোপালক থকা স্বত্বেও হাই প্ৰফাইল গো পালক জনপ্ৰতিনিধিক কিয় দিয়া হ' ল, এইকেইটা প্ৰশ্নৰ উত্তৰ দিবলৈয়ো মুখ্যমন্ত্ৰীক আহ্বান জনায় গগৈয়ে।

অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই সংবাদ মেলত কয় যে আটাইকেইটা পক্ষৰ বক্তব্য শুনাৰ পাছত এইটো স্পষ্ট হৈ গৈছে যে এই গোটেই প্ৰক্ৰিয়াটোত গৰুখুঁটি প্ৰকল্প গৌন, ইয়াত মুখ্যমন্ত্ৰী বা ৰাজ্য চৰকাৰ আৰু এন ডি ডি বিহে মূল চৰিত্ৰ। এইটো এটা অনিয়ম নহয়, কেলেংকাৰীহে আৰু এইটো গুমাতা কেলেংকাৰী সেইটো স্পষ্ট। 

ইয়াত মুখ্যমন্ত্ৰী প্ৰথম পক্ষ, এন ডি ডি বি দ্বিতীয় পক্ষ আৰু গৰুখুঁটি তৃতীয় পক্ষহে। ৰাজ্য চৰকাৰে গৰুখুঁটি প্ৰকল্প কৰ্তৃপক্ষক অৱগত নকৰাকৈয়ে এন ডি ডি বিৰ সৈতে গীৰ গাই ক্ৰয়ৰ চুক্তি কৰি পেলালে। মুখ্যমন্ত্ৰীয়ে দুগ্ধ বিপ্লৱৰ শ্লোগান দি গৰুখুঁটি প্ৰকল্প স্থাপন কৰিলে ঠিকেই, কিন্তু তেওঁৰ আৰু তেওঁৰ চৰকাৰৰ ভুল আৰু উদ্দেশ্য প্ৰণোদিত কৰ্মপদ্ধতিৰ বাবে আজি পৰিস্থিতিয়ে এই পৰ্যায় পালে। 

গতিকে ইয়াৰ উত্তৰ দিয়াৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীয়ে অভিযুক্তসকলক ৰক্ষণাবেক্ষণ দিয়াৰ সলনি দোষীক বিচাৰি উলিয়াই আইনৰ কাঠগৰাত থিয় কৰাই ৰাজধৰ্ম পালন কৰা উচিত বুলি ভূঞাই মত প্ৰকাশ কৰে। 

লুৰীণজ্যোতি গগৈ জয়ন্ত মল্ল বৰুৱা অসম জাতীয় পৰিষদ গৰুখুঁটি