/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/faffebc4-3865-47ef-b47e-cc8944c08881/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল ডেস্কঃ হাংঝৌ এছিয়াডত ৰূপ জয় কৰি জন্মভূমিলৈ উভতিল বক্সিং খেলুৱৈ লাভলীনা বৰগোহাঁই। বুধবাৰে পুৱা বৰঝাৰ বিমান বন্দৰত উপস্থিত হয় ক্ৰীড়া তাৰকাগৰাকী। লাভলীনাৰ উপস্থিতিৰ লগে লগে বিমান বন্দৰতে ৰাজ্য প্ৰশাসনৰ লোকে আদৰণি জনায়।
এছিয়াডত ৰূপ জয়েৰে পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা লাভলীনাই কিছুদিন বিৰতিৰ বাবে উপস্থিত হৈছে গৃহ ভূমিত। ইয়াৰ পাছতে তাৰকা খেলুৱৈগৰাকী পুনৰ নামি পৰিব পেৰিছ অলিম্পিকৰ প্ৰস্তুতিত। উল্লেখ্য যে মঙলবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এছিয়াডত অংশগ্ৰহণ কৰা খেলুৱৈৰ সৈতে মত বিনিময় কৰা অনুষ্ঠানত অংশগ্ৰহণৰ পাছতে গৃহাভিমুখী হৈছে খেলুৱৈগৰাকী।
Also Read: হাফ পেন্ট, ফটা জিনছ পিন্ধি প্ৰৱেশ কৰিব নোৱাৰিব জগন্নাথ মন্দিৰত...