প্ৰস্তুতি তুংগত : সাজু হৈ উঠিছে লতাশিল বিহু সন্মিলনী...

ৰাজ্যৰ ভিতৰতে মহানগৰীৰ লতাশিল বিহু সন্মিলনীৰ সুকীয়া নাম আছে। আন আন বছৰবোৰৰ দৰে এইবছৰো লতাশিল বিহু সন্মিলনী সাজু হৈ উঠিছে বিভিন্ন প্ৰতিযোগিতাৰ বাবে...

author-image
Asomiya Pratidin
New Update
প্ৰস্তুতি তুংগত : সাজু হৈ উঠিছে লতাশিল বিহু সন্মিলনী...

ডিজিটেল ডেস্ক : ৰাজ্যৰ চৌদিশে এতিয়া ৰঙালীৰ ঢৌ। হেঁপাহৰ ৰঙালী বিহুক লৈ উৎসাহ-উদ্দিপনা সকলোৰে মাজত বৰ্তি থকাৰ সমান্তৰাল ভাৱে ৰাজহুৱা কৈয়ো আয়োজন কৰা হৈছে বিহু। আজিৰে পৰা ৰাজ্যৰ বহু ঠাইতে দেখা গৈছে বিহু নাচ, বিহুগীত, হুঁচৰি, ঢোল বাদন আদি প্ৰতিযোগিতা।

আৰু প্ৰতিযোগিতাৰ নাম ল'লেই ৰাজ্যৰ ভিতৰতে অন্যতম বৃহৎ এখন প্ৰতিযোগিতা হ'ল মহানগৰীৰ লতাশিল খেলপথাৰৰ বিহু সন্মিলনীৰ প্ৰতিযোগিতা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এই প্ৰতিযোগিতালৈ প্ৰতিযোগীয়ে ঢাপলি মেলে।

বিগত বছৰ সমূহৰ দৰে এই বছৰো লতাশিল খেল পথাৰত এই বিহু সন্মিলনখনিৰ আয়োজন কৰা হৈছে। অহা ২ ব'হাগ অৰ্থাৎ ১৬ এপ্ৰিল তাৰিখৰ পৰা চাৰি দিনীয়া কৈ অনুষ্ঠিত কৰা হৈছে লতাশিল বিহু সন্মিলনিৰ। এই প্ৰথম দিনাৰ কাৰ্যসূচী মৰ্মে অনুষ্ঠিত কৰা হ'ব বিহু কুঁৱৰী আৰু বিহু ৰাণী প্ৰতিযোগিতা। আনহাতে ৩ ব'হাগত অনুষ্ঠিত কৰা হ'ব বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতা।

Also Read: ব'হাগ আৰু বতৰ : মাকৰ ঘৰলৈ নগ'ল নেকি বৰদৈচিলা...

bihu