আজিৰে পৰা খানাপাৰাত পশুধন আৰু হাঁহ-কুকুৰা মেলা

ৰাজ্যৰ শ্ৰেষ্ঠ পশুপালকলৈ ১লাখ টকাৰ পুৰস্কাৰ আগবঢ়াব পশুপালন বিভাগ তথা ৰাজ্য চৰকাৰে, আগবঢ়োৱা হ'ব বিনামূলীয়া প্ৰশিক্ষণ।
আজিৰে পৰা খানাপাৰাত পশুধন আৰু হাঁহ-কুকুৰা মেলা

ডিজিটেল ডেস্ক : আজি ৫ জানুৱাৰীৰ পৰা গুৱাহাটী মহানগৰীস্থিত খানাপাৰা খেলপথৰাত অনুষ্ঠিত হ'ব পশুধন আৰু হাঁহ-কুকুৰা মেলা ২০২৪। অসম চৰকাৰৰ উদ্যোগত তথা পশুপালন বিভাগৰ সহযোগত আয়োজিত এই মেলা তিনি দিন ধৰি অনুষ্ঠিত কৰা হ'ব।

জানিব পৰামতে এই মেলাত প্ৰদৰ্শিত হ'ব পশুপালন আৰু দুগ্ধখণ্ডৰ শেহতীয়া প্ৰযুক্তি। পশুধন আৰু বহু বাণিজ্যিক পক্ষী প্ৰদৰ্শন আৰু বিক্ৰী কৰা হ'ব এই মেলাত। উল্লেখযোগ্য যে প্ৰতিদিনে পশুপালকসকললৈ আগবঢ়োৱা হ'ব বিনামূলীয়া প্ৰশিক্ষণ।

আনহাতে পশুধন আৰু হাঁহ-কুকুৰা মেলাত ৰাজ্যৰ শ্ৰেষ্ঠ পশুপালকলৈ ১লাখ টকাৰ পুৰস্কাৰ আগবঢ়াব পশুপালন বিভাগ তথা ৰাজ্য চৰকাৰে।

আজিৰে পৰা খানাপাৰাত পশুধন আৰু হাঁহ-কুকুৰা মেলা
গোগামুখত প্ৰতিবাদী মটৰ শ্ৰমিকৰ ওপৰত আৰক্ষীৰ লাঠি চাৰ্জ : ২গৰাকীক আটক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in