প্ৰয়াত সাংবাদিক, নিবন্ধকাৰ অনিল বৰুৱাক গুণমুগ্ধৰ শেষ শ্ৰদ্ধাঞ্জলিঃ নৱগ্ৰহত সমাপণ হ'ব শেষকৃত্য...

প্ৰয়াত সাংবাদিক, নিবন্ধকাৰ অনিল বৰুৱাক গুণমুগ্ধৰ শেষ শ্ৰদ্ধাঞ্জলিঃ নৱগ্ৰহত সমাপণ হ'ব শেষকৃত্য...

author-image
Asomiya Pratidin
New Update
প্ৰয়াত সাংবাদিক, নিবন্ধকাৰ অনিল বৰুৱাক গুণমুগ্ধৰ শেষ শ্ৰদ্ধাঞ্জলিঃ নৱগ্ৰহত সমাপণ হ'ব শেষকৃত্য...

প্ৰয়াত সাংবাদিক, নিবন্ধকাৰ অনিল বৰুৱাক গুণমুগ্ধৰ শেষ শ্ৰদ্ধাঞ্জলিঃ নৱগ্ৰহত সমাপণ হ'ব শেষকৃত্য...

ডিজিটেল ডেস্কঃ প্ৰবীণ সাংবাদিক তথা বিশিষ্ট নিবন্ধকাৰ অনিল বৰুৱাক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ তেওঁৰ বাসগৃহত উপস্থিত হৈছে ভিন্ন শ্ৰেণীৰ লোক। হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত মঙ্গলবাৰে শেষ নিশ্বাস ত্যাগ কৰা অনিল বৰুৱাক আজি পুৱাৰে পৰা তেখেতৰ জু-ৰোডৰ বাসগৃহতে শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ গুণমুগ্ধই ভিৰ কৰিছেহি।

ইয়াৰ পাছতে তেওঁৰ নশ্বৰদেহ লৈ যোৱা হ'ব তেওঁ পূৰ্বে কৰ্মৰত দৈনিক অসম কাকত প্ৰতিষ্ঠানলৈ। তাতো তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব।

ইফালে প্ৰয়াত সাংবাদিকগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ তেখেতৰ বাসগৃহত উপস্থিত হয়গৈ সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱা। বৰুৱাই তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয়, ''অনিলদাক আমি সৰুৰে পৰা পোৱা। আমাৰ পৰিয়ালৰ লগত, মোৰ দাদাহঁতৰ লগত সম্পৰ্ক খুগ গাঢ় আছিল। গতিকে অনিলদাক আমি সাংবাদিকৰ পৰিৱৰ্তে পৰিয়ালৰ এজন সদস্য হিচাপে বেছি সময় পাইছিলো। তেওঁৰ লগত আমাৰ ঘৰুৱা সম্বন্ধ আছিল।''

ইয়াৰোপৰি তেওঁ প্ৰয়াত সাংবাদিকগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে আত্মাৰ সদগতি কামনি কৰি কয়, ''অনিলদা যেতিয়া দৈনিক অসমৰ সম্পাদক হৈ আছিল সেই সময়ত দৈনিক অসমে এটা নতুন গতি লাভ কৰিছিল। কাকতখন ৰাইজৰ মাজত খুব জনপ্ৰিয় হৈছিল। তেখেতৰ লিখনিত চোক আছিল। তেখেতৰ ইতিবাচক সমালোচনা অসমৰ সংবাদ পত্ৰৰ ইতিহাসৰ পৃষ্ঠাত থাকিব। তেখেতৰ বিয়োগ অসমৰ সংবাদ জগতৰ এক অপূৰণীয় ক্ষতি।''

উল্লেখ্য, প্ৰয়াত সাংবাদিক, নিবন্ধকাৰগৰাকীৰ গুৱাহাটীৰ নৱগ্ৰহত শেষকৃত্য সমাপণ কৰা হ'ব। নৱগ্ৰহতো তেওঁৰ গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।

Also Read: অস্তিত্বহীন জল জীৱন আঁচনি ! তিতাবৰৰ চাহ বাগিছাত নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা...

অনিল বৰুৱা