Advertisment

দিনজোৰা কাৰ্যসূচীৰে লাচিত দিৱস উদযাপন কৰিব লাচিত সংঘই...

গুৱাহাটীঃ ২৪নৱেম্বৰ ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তত উদযাপন হ'ব লাচিত দিৱস। বীৰ লাচিত বৰফুকনৰ বীৰত্বক সোৱঁৰণ কৰি প্ৰতিবছৰৰ দৰে এইবছৰো গুৱাহাটী লাচিত সংঘই...

author-image
Asomiya Pratidin
New Update
লাচিত

ডিজিটেল ডেস্কঃ ২৪নৱেম্বৰ ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তত উদযাপন হ'ব লাচিত দিৱস। বীৰ লাচিত বৰফুকনৰ বীৰত্বক সোৱঁৰণ কৰি প্ৰতিবছৰৰ দৰে এইবছৰো গুৱাহাটী লাচিত সংঘই উদযাপন কৰিব লাচিত দিৱস। দিনজোৰা কাৰ্যসূচীৰে চানমাৰিস্থিত লাচিত সংঘৰ কাৰ্যালয়ৰ বাকৰিত অনুষ্ঠিত হ'বলগীয়া এই বিশেষ অনুষ্ঠানলৈ ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে সভাপতি কল্যাণ দত্ত আৰু সাধাৰণ সম্পাদক মৃণাল পাটোৱাৰীয়ে।

Advertisment

সংঘৰ সাধাৰণ সম্পাদক মৃণাল পাটোৱাৰীয়ে বিবৃতি যোগে জনাইছে যে সেইদিনা পুৱা ১০.৩০ বজাত পতাকা উত্তোলন আৰু বীৰ লাচিতৰ স্থায়ী প্রতিমূর্তিত মাল্যার্পণ কৰা হ'ব। তাৰ পাছতে সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত হ'ব। সংঘই এই অনুষ্ঠানতে অসমৰ জাতীয় জীৱনলৈ অৱদান আগবঢ়োৱা দুগৰাকী বিশিষ্ট ব্যক্তি ক্রমে পদ্মশ্রী সন্মান প্রাপক, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন লেখক অৰূপ কুমাৰ দত্ত আৰু ব্রিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ (অৱসৰপ্ৰাপ্ত) দেবক সম্বর্দ্ধনা জনাব।

আবেলি ২ বজাৰপৰা সদৌ গুৱাহাটী ভিত্তিত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত স্বর্গীয় কুমুদেশ্বৰ বুজৰবৰুৱা আৰু স্বৰ্গীয়া অঞ্জলি বুজবৰুৱা সোঁৱৰণী চিত্রাংকন প্রতিযোগিতা অনুষ্ঠিত হ'ব। সন্ধিয়া ৫ বজাত বন্তি প্রজ্বলন আৰু ৬ বজাত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। সন্ধিয়া বন্তি প্ৰজ্বলনৰ লগতে সাংস্কৃতিক সন্ধিয়াৰো দিহা কৰিছে আয়োজক সমিতিয়ে। 

লাচিত দিৱস