গুৱাহাটী ক্লাৱৰ মেটেল মটৰ্চত কে.টি.এম. এডভেনঞ্চাৰ বাইক মুকলি...

শনিবাৰে কে.টি.এম. গুৱাহাটী ক্লাৱ (মেটেল মটৰ্চ)ত কে.টি.এম. এডভেনঞ্চাৰ ৩৯০ এক্স আৰু ৩৯০ ভি আনুষ্ঠানিকভাবে মুকলি কৰে।

author-image
Asomiya Pratidin
New Update
গুৱাহাটী ক্লাৱৰ মেটেল মটৰ্চত কে.টি.এম. এডভেনঞ্চাৰ বাইক মুকলি...

ডিজিটেল ডেস্কঃ শনিবাৰে কে.টি.এম. গুৱাহাটী ক্লাৱ (মেটেল মটৰ্চ)ত কে.টি.এম. এডভেনঞ্চাৰ ৩৯০ এক্স আৰু ৩৯০ ভি আনুষ্ঠানিকভাবে মুকলি কৰে। কে. টি. এম. ইণ্ডিয়াই এডভেনঞ্চাৰ বাইক যাত্ৰাৰ বাবে এই দুখন এডভেনঞ্চাৰ মুকলি কৰিছে। ৩৯০ এক্স মডেলটোৰ বজাৰ মূল্য ২ লাখ ৮০ হাজাৰ হোৱাৰ বিপৰীতে ৩৯০ ভি মডেলটোৰ বজাৰ মূল্য ৩ লাখ ৪২ হাজাৰ টকা।

আজিৰ এই মুকলি অনুষ্ঠানটোত মুখ্য অতিথি ৰূপে উপস্থিত থাকে শ্বাহৱাৰ হুছেইন, প্ৰতিষ্ঠাপক-চেইন ৰিয়েকচন ইণ্ডিয়া আৰু সঞ্জীৱ বৰুৱা, সভাপতি-ইষ্টাৰ্ণ মটৰ্চ। লগতে উপস্থিত থাকে পৰিচালন সঞ্চালক ৰাজেন্দ্ৰ সিং ৰাজপাল, এডভেঞ্চাৰ বাবা ওৰফে জেনেৰেল মেনেজাৰ শশাংক ডেকা । কে.টি.এম.ৰ মতে এই দুঃসাহসিক বাইকসমূহে বহু দূৰত্বৰ ভ্ৰমণকাৰী আৰু অফ-ৰোড অনুৰাগীক আকৰ্ষণ কৰিব।

Also Read: নতুন সংসদ ভৱন উদ্বোধনৰ সময়ত মুকলি কৰা হ'ব বিশেষ ৭৫ টকীয়া মুদ্ৰা

ktm adventure 390 v ktm adventure 390 x KTM Bike