/asomiyapratidin/media/media_files/2025/01/31/g5lL0TpO1iQEFUwFjlV5.jpg)
ডিজিটেল ডেস্কঃ ৩১ জানুৱাৰী, শুকুৰবাৰে গুৱাহাটী আমবাৰীস্থিত জিলা পুঁথিভৰাল প্ৰেক্ষাগৃহত প্ৰতিবছৰৰ দৰে এইবাৰো কিণ্ডাৰ গাৰ্ডেন প্ৰাক্ প্ৰাথমিক স্কুলৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উলহ মালহেৰে উদযাপন কৰা হয়। উত্তৰ-পূৱৰ চাৰিটা শাখাৰ পৰা অভিভাৱক সমন্বিতে প্ৰায় দুশ গৰাকী কণ কণ শিশুৰ অংশগ্ৰহণে অনুষ্ঠানটি জীপাল কৰি তোলে।
/asomiyapratidin/media/media_files/2025/01/31/abc0HbagjsxGsCopiCX4.jpeg)
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ,অসম আৰক্ষীৰ প্ৰথম গৰাকী মহিলা ইন্সপেক্টৰ জেনেৰেল ভায়লেট বৰুৱা। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে আৰ.জে. মেন্দি আৰু আমন্ত্ৰিত বিশিষ্ট অতিথি হিচাপে সমাজ তথা সাংস্কৃতিক কৰ্মী ড০ শিখা বেজবৰুৱা গোস্বামী।
সভাত সকলোকে কিণ্ডাৰ গাৰ্ডেনৰ অধ্যক্ষা তথা যুটীয়া সঞ্চালিকা নিলাক্ষী গোস্বামী বৰুৱা, যুটীয়া সঞ্চালক সৌমিন দাসে সম্বৰ্ধনা তথা আদৰণি জনায়।উল্লেখ্য যে কণ কণ শিশুসকলৰ দ্বাৰা পৰিবেশিত বিভিন্ন বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীৰ ৰূপায়ণে অনুষ্ঠানটিক সুন্দৰ কৰি তোলা।
এই বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী সফল কৰি তোলাত কিণ্ডাৰ গাৰ্ডেনৰ সমূহ সঞ্চালক,সহকৰ্মী, শিক্ষক-শিক্ষয়িত্ৰী তথা আন আন সহকাৰী প্ৰশিক্ষকৰ অৱদান আৰু সহযোগিতা আছিল প্ৰশংসনীয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us