যোৰাবাটত বিধ্বংসী অগ্নিকাণ্ড : ভস্মীভূত ৫টাকৈ বাসগৃহ

যোৰাবাটত বিধ্বংসী অগ্নিকাণ্ড : ভস্মীভূত ৫টাকৈ বাসগৃহ

author-image
Asomiya Pratidin
New Update
যোৰাবাটত বিধ্বংসী অগ্নিকাণ্ড :  ভস্মীভূত ৫টাকৈ বাসগৃহ

ডিজিটেল ডেস্কঃ দীপাৱলীৰ দিনাই যোৰাবাটত সংঘটিত হ'ল বিধ্বংসী অগ্নিকাণ্ড। যোৰাবাটৰ শংকৰ ভোজনালয়ৰ সমীপত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। এই অগ্নিকাণ্ডৰ ফলত জুইত সম্পূৰ্ণৰূপে ভস্মীভূত ৫টাকৈ বাসগৃহ।

এই অগ্নিকাণ্ডত এগৰাকী মহিলা গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। সুজাতা চৌধুৰী নামৰ মহিলাগৰাকীৰ দেহৰ প্রায় ৭০% জ্বলি গৈছে। মহিলাগৰাকীক সংকটজনক অৱস্থাত চিকিৎ‍সালয়ত ভৰ্তি কৰোৱা বুলিও জানিব পৰা গৈছে।

এই বিধ্বংসী অগ্নিকাণ্ডৰ ফলত ৩টাকৈ চিলিণ্ডাৰৰ বিস্ফোৰণ হোৱা বুলি জানিব পৰা গৈছে। এই পৰ্যন্ত এই ভয়ংকৰ অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে।

Also Read: বহিঃৰাজ্যৰ ২ নাৰী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ

fire