/asomiyapratidin/media/media_files/2025/03/27/OCVwUX9c3HOyAoK3GH5k.jpg)
ডিজিটেল ডেস্কঃ সাংবাদিক, অধিবক্তা দিলৱাৰ হুছেইন মজুমদাৰক পুনৰ গ্ৰেপ্তাৰৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে পাণবজাৰ আৰক্ষীয়ে। মঙলবাৰে এপেক্স বেংকৰ দুৰ্নীতিৰ সন্দৰ্ভত পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াক প্ৰশ্ন কৰাৰ পাছতেই নাটকীয় ভাৱে গ্ৰেপ্তাৰ হৈছিল সাংবাদিক দিলৱাৰ।
এগৰাকী জনজাতীয় লোকক অপমানজনক মন্তব্য কৰাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰত গ্ৰেপ্তাৰ হোৱা দিলৱাৰক বুধবাৰে আদালতে জামিন প্ৰদান কৰিছিল যদিও তেওঁ নিশা কাৰাগাৰকে কটাবলগীয়া হৈছিল। আজি তেওঁ মুকলি আকাশৰ তললৈ অহাৰ কথা আছিল যদিও পাণবজাৰ আৰক্ষীয়ে ইতিমধ্যে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ বাহিৰত তেওঁক গ্ৰেপ্তাৰৰ বাবে প্ৰস্তুতি চলাইছে।
অসম কো-অপাৰেটিভ এপেক্স বেংকে দিলৱাৰ হুছেইন মজুমদাৰৰ বিৰুদ্ধে পাণবজাৰ আৰক্ষী থানাত ৰুজু কৰিছিল বেংকত অনাধিকাৰ প্ৰবেশৰ এক গোচৰ। ১১/২৫ নম্বৰৰ সেই গোচৰতে আৰক্ষীয়ে তেওঁক কাৰাগাৰৰ পৰা পুনৰ গ্ৰেপ্তাৰৰ প্ৰস্তুতি চলাইছে।
লক্ষ্যণীয় ভাৱে অসম কো-অপাৰেটিভ এপেক্স বেংকৰ পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াক বেংকলৈ সোমাই যোৱাৰ পথতে বেংকটোৰ দুৰ্নীতিৰ সন্দৰ্ভত সাংবাদিকতাৰ নীতি অনুসৰণ কৰিয়েই দিলৱাৰে প্ৰশ্ন কৰিছিল। সেই সময়তে দিলৱাৰক বেংকৰ ভিতৰলৈ মাতি নিয়াৰ ভিডিঅ' ইতিমধ্যে সকলো সংবাদ মাধ্যমতে প্ৰচাৰ হোৱাৰ লগতে সামাজিক মাধ্যমতো বিয়পি আছে।
তাৰ পাছতো তেওঁৰ বিৰুদ্ধে বেংকত অনাধিকাৰ প্ৰৱেশৰ অভিযোগতে পুনৰ গ্ৰেপ্তাৰৰ প্ৰস্তুতি চলিছে। ইফালে ৰাজ্যৰ সৰ্বত্ৰে দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে।