/asomiyapratidin/media/media_files/2025/03/26/mdy4LHqwy9sHVw1yFiEl.jpg)
ডিজিটেল ডেস্কঃ অসম কো অপাৰেটিভ এপেক্স বেংকৰ দুৰ্নীতিৰ বিৰুদ্ধে মঙলবাৰে এটা সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ মাজতে বেংকটোৰ পৰিচালন সঞ্চালকগৰাকীক প্ৰশ্ন কৰাৰ অপৰাধত জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক পাণবজাৰ আৰক্ষীয়ে আটক কৰাৰ পাছত নিশা গ্ৰেপ্তাৰ কৰে। পাণবজাৰ আৰক্ষীয়ে জ্যেষ্ঠ সাংবাদিকগৰাকীক ভাৰতীয় ন্যায় সংহিতাৰ 351(2)/3(1)(r) আৰু Shedule Cast and Schedule Tribe (Prevention of Atrocities) Act 2015 SC ৰ অধীনত পাণবজাৰ আৰক্ষী থানাত ৰুজু হোৱা ১১০/২০২৫ গোচৰ নম্বৰত গ্ৰেপ্তাৰ কৰিছে।
তেওঁৰ বিৰুদ্ধে অভিযোগ উঠিছে এগৰাকী অনুসূচীত জাতিৰ ব্যক্তিক ''বড়ো জাতিৰ হৈ তুমি বেছি কৰা'' বুলি কোৱা বুলি। কিন্তু লক্ষ্যণীয় ভাৱে তেওঁক গ্ৰেপ্তাৰৰ এই গোটেই প্ৰক্ৰিয়াটোৱেই এক ৰহস্যৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে, মঙলবাৰে দিনৰ প্ৰায় ১১ বজাতেই পাণবজাৰ আৰক্ষী থানাত উপস্থিত হৈছিল দিলৱাৰ হুছেইন মজুমদাৰ। অসম কো অপাৰেটিভ বেংকৰ দুৰ্নীতিৰ বিৰুদ্ধে অসম জাতীয় যুৱ শক্তিয়ে সাব্যস্ত কৰা প্ৰতিবাদৰ মাজতে দিলৱাৰ হুছেইন মজুমদাৰে বেংকটোৰ পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াক এই বিষয়ে প্ৰশ্ন কৰিছিল।
সেই সময়ত শইকীয়াই তেওঁক বেংকৰ ভিতৰলৈয়ো মাতিছিল। শইকীয়াৰ অনুমতি সাপেক্ষেই বেংকৰ ভিতৰত প্ৰৱেশ কৰাৰ পাছতেই সাংবাদিক মজুমদাৰক বিভিন্ন ধৰণে ভাবুকি প্ৰদান কৰাৰ লগতে তেওঁৰ ওপৰত মানসিক হাৰাশাস্তিৰো অভিযোগ উত্থাপন কৰিছে।
সাংবাদিক দিলৱাৰে তেওঁৰ পত্নী আৰু অধিবক্তাক জনোৱা মতে বেংকৰ ভিতৰত পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াই তেওঁৰ মোবাইলৰ পৰা সকলো ভিজুৱেল ডিলিট কৰি দিয়াৰ লগতে প্ৰতিবাদৰ সময়ছোৱাত আন সাংবাদিকে গ্ৰহণ কৰা ভিডিঅ' সমূহো ডিলিট কৰিবলৈ কয়। কিন্তু অন্যান্য প্ৰতিষ্ঠানৰ সংবাদ কৰ্মীয়ে সংগ্ৰহ কৰা খবৰ আৰু ভিডিঅ' তেওঁ কিদৰে ডিলিট কৰিব বুলি কোৱাৰ পাছতে শইকীয়াই সাংবাদিক দিলৱাৰক "তেনে তই ৰক্ষা নাপাবি" বুলি ভাবুকি দিয়ে।
ইফালে পাণবজাৰ আৰক্ষীয়েও তেওঁক মাতি পঠিওৱাত সাংবাদিকগৰাকীয়ে আৰক্ষী থানালৈ আহি বেংকটোৰ পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াই দিয়া ভাবুকি আৰু মোবাইলৰ ভিডিঅ' ডিলিট কৰাৰ সন্দৰ্ভত দাখিল কৰে এখন এজাহাৰ। কিন্তু লক্ষ্যণীয়ভাৱে সেই এজাহাৰ এতিয়াও পাণবজাৰ আৰক্ষী থানাৰ বিষয়াগৰাকীৰ লগতে আছে যদিও এই পৰ্যন্ত পঞ্জীয়ন হোৱা নাই।
বৰঞ্চ দিলৱাৰ হুছেইন মজুমদাৰক অনুসূচীত জাতিৰ লোকক অপমান কৰাৰ অভিযোগ তুলি দিনৰ ১১ বজাৰ পৰাই আৰক্ষী থানাত বহুৱাই ৰাখি নিশা প্ৰায় ১১-৩০ বজাত গ্ৰেপ্তাৰ কৰে। এই গোটেই সময়ছোৱাত সাংবাদিক গৰাকীৰ লগতে তেওঁৰ পত্নীকো তেওঁক কি অপৰাধৰ বাবে এইদৰে আটক কৰা হৈছে সেই বিষয়ে নজনালে আৰক্ষীয়ে। ইফালে মধুমেহ ৰোগত আক্ৰান্ত সাংবাদিকগৰাকীয়ে সময়ে সময়ে ঔষধ সেৱন কৰিব লাগে যদিও আৰক্ষীয় বহু ঘণ্টা ধৰি পত্নীক সেই ঔষধো দিয়াত বাধা প্ৰদান কৰিলে।
সাংবাদিক দিলৱাৰে তেওঁৰ অধিবক্তা আৰু পত্নীৰ আগত উল্লেখ কৰা মতে প্ৰতিবাদস্থলীৰ পৰা বেংকৰ ভিতৰলৈ সোমাই যোৱাৰ সময়লৈকে তেওঁ কোনো অনুসূচীত জাতিৰ লোকৰ সৈতে মুখামুখিয়েই হোৱা নাছিল। এনে পৰিস্থিতি সাংবাদিকগৰাকীক এইদৰে গ্ৰেপ্তাৰ কৰা কাৰ্যক ধিক্কাৰ দিছে সৰ্বত্ৰে।
পাণবজাৰ আৰক্ষী থানাৰ সন্মুখত নিশা ১২ বজা পৰ্যন্ত ৰৈ থকা জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, সুশান্ত তালুকদাৰ, আফ্ৰিদা হুছেইন, গুৱাহাটী প্ৰেছ ক্লাবৰ সভানেত্ৰী সুস্মিতা গোস্বামীকে ধৰি একাধিক জ্যেষ্ঠ, কনিষ্ঠ সাংবাদিকে এই গোটেই প্ৰক্ৰিয়াটোক সমালোচনা কৰাই নহয়, সাংবাদিকৰ কণ্ঠৰোধ কৰাৰ অপচেষ্টা আখ্যা দি ধিক্কাৰ দিছে।
ইফালে কাইলৈ দিনৰ ১১ বজাত গুৱাহাটী প্ৰেছ ক্লাবে সাংবাদিক তথা প্ৰেছ ক্লাবটোৰ সহকাৰী সম্পাদক দিলৱাৰ হুছেইন মজুমদাৰক ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। এই প্ৰতিবাদী কাৰ্যসূচীত সকলো সংবাদকৰ্মীকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে।
সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰেও আৰক্ষী থানাৰ পৰাই পত্নীৰ যোগে প্ৰেৰণ কৰা বাৰ্তাত কয়, সত্য আৰু নিৰপেক্ষ অৱস্থান গ্ৰহণ কৰাৰ বাবেই আজি তেওঁক এইদৰে হাৰাশাস্তি কৰা হৈছে। তেওঁ কৈছে, "আজি মোৰ সৈতে হৈছে কালিলৈ আন কোনোবা এজনৰ সৈতে হ'ব।" সেয়ে তেওঁ সকলোকে ওলাই আহি ইয়াৰ প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছে।