/asomiyapratidin/media/media_files/2025/03/25/772IMJXYqft1JQUffBqF.jpg)
ডিজিটেল ডেস্কঃ অসম কো অপাৰেটিভ এপেক্স বেংকৰ কেলংকাৰীৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক পাণবজাৰ আৰক্ষীয়ে মাতি নি প্ৰথমে আটক কৰি পাছত গ্ৰেপ্তাৰ কৰা কাৰ্যৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এক প্ৰেছ বিবৃতিৰ জৰিয়তে কংগ্ৰেছ দলেও সংবাদিকৰ ওপৰত হোৱা এনে আক্ৰমণৰ বিৰোধিতা কৰিছে।
কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই প্ৰেৰণ কৰা প্ৰেছ বিবৃতিত উল্লেখ কৰিছে- গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত এইখন চৰকাৰে বাৰে বাৰে আক্ৰমণ চলাই আহিছে৷ আজি ক্ৰছ কাৰেণ্ট নামৰ নিউজ পৰ্টেলটোৰ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক যি প্ৰক্ৰিয়াৰে মুখ বন্ধ কৰাৰ প্ৰক্ৰিয়া চলাইছে সেয়া গণতন্ত্ৰৰ প্ৰতি ডাঙৰ প্ৰত্যাহ্বান৷
এপেক্স বেংকৰ দুৰ্নীতি বন্ধ কৰাৰ বাবে এটা সংগঠনে বেংকটোৰ সন্মুখত ধৰ্ণা দি থকাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়ত বেংকটোৰ সঞ্চালক প্ৰধানগৰাকী সোমাই অহাত সাংবাদিক দিলোৱাৰ হুছেইনে এটা প্ৰশ্ন সোধাৰ বাবেই সাংবাদিকজনক ওপৰলৈ মাতি নি আৰক্ষীক খবৰ দি আটক কৰাৰ যি ঘটনা ঘটিছে এয়া অত্যন্ত গৰিহণাৰ যোগ্য৷
ভাৰতীয় গণতন্ত্ৰৰ এয়া এক ক’লা অধ্যায় বুলি ক’ব লাগিব৷ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে চৰকাৰখনে সত্য বাতৰিলৈ ভয় কৰিছে৷ মুখ্যমন্ত্ৰী নিয়ন্ত্ৰণাধীন অসম কো-আপাৰেটিভ বেংক এটা জাতীয় সম্পদ৷ এই জাতীয় সম্পদটো সমৃদ্ধিশালী কৰি ৰখা আৰু ইয়াৰ গৰিমা অটুট ৰখাৰ স্বাৰ্থত বিৰোধী দল আৰু অন্যান্য সংগঠনৰ লগতে সংবাদমাধ্যমৰ দায়িত্ব আছে৷
এই দায়িত্ব পালন কৰিবলৈ যোৱা এজন সাংবাদিকক বেংকটোৰ কৰ্তৃপক্ষই আৰক্ষীৰ হাতত যি কৌশলেৰে গতাই দিছে সেয়া নিন্দনীয়৷ আৰু এনে কাৰ্যক গৰিহণা দিছো৷ সত্যৰ মুখামুখি হ’বলৈ সাহস নকৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত যি আক্ৰমণ চলাইছে সেই আক্ৰমণৰ ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে কংগ্ৰেছ সদা সতৰ্ক দৃষ্টি ৰাখিব৷
এই বিষয়টো অত্যন্ত গুৰুত্বসহকাৰে লৈ কংগ্ৰেছে পৰৱৰ্তী সময়ত জনবিৰোধী এই চৰকাৰী কাম-কাজবোৰ বন্ধ কৰিবলৈ জনসজাগতা আৰম্ভ কৰিব৷ বৰাই লগতে নিৰ্দোশী সাংবাদিকজনক বিনাচৰ্তে মুকলি কৰি দিবলৈও আহ্বান জনাইছে৷
আনহাতে সাংবাদিক সংগঠন জাফায়েও এই কাৰ্যৰ গৰিহণা দিছে। জাফা প্ৰচাৰ সম্পাদক হীৰকজ্যোতি মেধীয়ে প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত কয়, গুৱাহাটী এপেক্স বেংকৰ সম্মুখত অসম জাতীয় যুৱ শক্তিয়ে কৰা প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰিব যোৱা সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাৱৰ সহকাৰী সম্পাদক দিলৱাৰ হুছেইন মজুমদাৰক পাণবজাৰ থানাৰ আৰক্ষীয়ে মাতি লৈ গৈ আটক কৰাৰ ঘটনাক জাৰ্নালিষ্ট এছোচিয়েচন ফৰ আসাম চমুকৈ জাফায়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷
জাফাৰ সভাপতি অভিদ্বীপ চৌধুৰী কাৰ্যকৰী সভাপতি পংকজ ডেকা সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ৰ স্বাক্ষৰিত এই বিবৃতিত কোৱা হয় যে - নিজা কৰ্তব্যত ব্যস্ত থকাৰ সময়ত সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক ফোন যোগে মাতি নি আৰক্ষীৰ দ্বাৰা আটক কৰাৰ ঘটনা চৰম লজ্জাজনক।
জাফাই এই ঘটনাক তীব্ৰ নিন্দা জনোৱাৰ লগতে অসম আৰক্ষীক অতি সোনকালে কি কাৰণত সাংবাদিক গৰাকীক আটক কৰা হ'ল সেই কথা স্পষ্টীকৰাৰ দাবী জনায় ৷