বোন্দাজানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বেদখলঃ উচ্ছেদ কৰিবলৈ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান

বোন্দাজানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তেওঁৰ পিতৃ প্ৰয়াত কৈলাশ মল্ল বৰুৱাৰ নামত মাটি বেদখল কৰি চৰকাৰী ধনেৰে ২৫৪ মিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰাৰ অভিযোদ কংগ্ৰেছৰ।

author-image
Tushar Pratim
New Update
বোন্দাজানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বেদখলঃ উচ্ছেদ কৰিবলৈ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান

ডিজিটেল ডেস্কঃ  গুৱাহাটীৰ জল নিষ্কাষণৰ অন্যতম জলাহভূমি বোন্দাজানৰ এটা অংশ এতিয়া বিজেপিৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বেদখল কৰি ৰাখিছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তেওঁৰ পিতৃ প্ৰয়াত কৈলাশ মল্ল বৰুৱাৰ নামত বোন্দাজানৰ মাটি বেদখল কৰি ২৫৪ মিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰিছে আৰু এই পথটো নিৰ্মাণ কৰিবলৈ চৰকাৰী ৰাজকোষৰ পৰা প্ৰায় ৩ কোটি টকা ব্যয় কৰিছে। 

Advertisment

এই অভিযোগ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ। আজি প্ৰদেশ কংগ্ৰেছৰ একাংশ নেতা-কৰ্মীক লগত লৈ মীৰা বৰঠাকুৰে বীৰকুছিৰ বোন্দাজান অঞ্চললৈ গৈ ক্ষেত্ৰ পৰিদৰ্শন কৰি অভিযোগ কৰে যে বোন্দাজানৰ এটা অংশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সম্পূৰ্ণৰূপে বেদখল কৰিছে। 

মীৰা বৰঠাকুৰে কয়, যিসময়ত শিলসাঁকোত সাধাৰণ থলুৱা মানুহৰ কষ্টোপাৰ্জিত ধনেৰে নিৰ্মাণ কৰা ঘৰত বুলড’জাৰ চলোৱা হ’ল সেই সময়ত মন্ত্ৰীজনৰ নিজৰ হৃদয় কিয় এবাৰো কঁপি নুঠিল? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধৃতৰাষ্ট্ৰৰ ভূমিকা পালন কৰা বুলি উল্লেখ কৰি বৰঠাকুৰে কয় যে, গুৱাহাটীক বানমুক্ত কৰিবৰ বাবে ন্যুনতম সৎ সাহস থাকিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী উন্নয়ন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বীৰকুছিৰ বোন্দাজানত কৰা বেদখলত বুলড’জাৰ চলাওক। 

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গুৱাহাটীৰ বানপানী চাবলৈ গৈ বৰ বৰ কথা কৈ গুৱাহাটীবাসীৰ আগত চমক সৃষ্টি কৰিব বিচাৰিছে যদিও তেওঁৰ বাসগৃহটোৰ কথা ঘূণাক্ষৰেও মনলৈ নানিলে। সাহস থাকিলে প্ৰথমে তেওঁ নিজৰ ঘৰ আৰু দেউতাকৰ নামত থকা পথটো উচ্ছেদ কৰি গুৱাহাটীক বানমুক্ত কৰাৰ প্ৰথম পদক্ষেপ গ্ৰহণ কৰক। 

জিঞ্জাৰ হোটেলত বুলড’জাৰ চলিব, অ’কে ডিত বুলড’জাৰ চলিব জাতীয় বৰ বৰ কথাৰে মানুহৰ মোহিবলৈ চেষ্টা কৰা জয়ন্ত মল্লৰ দৰে লোকে সমাজৰ উন্নয়ন সাধন কৰিব নোৱাৰে বুলি অভিযোগ কৰি বৰঠাকুৰে কয় যে হিমন্ত বিশ্ব শৰ্মাই যেনেকুৱা ওফাইদাং মৰা কথা কয় তাতকৈ মাত্ৰাধিক বাৰে ভচহু কথা কয় মন্ত্ৰী জয়ন্ত মল্লই। 

ইফালে, প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই অভিযোগ কৰি কয় যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ দৰে মন্ত্ৰীৰ কোনো নৈতিকতা নাই, যাৰবাবে গুৱাহাটীবাসী ৰাইজক জ্বলাকলা খুৱাই মন্ত্ৰীজনে নিজেই দেউতাকৰ নামত পথ নিৰ্মাণ কৰি জলাহভূমি বেদখল কৰিছে। কেৱল ব্যক্তিগত স্বাৰ্থক গুৰুত্ব প্ৰদান কৰা গুৱাহাটীৰ বান সমস্যা সমাধান কৰিব নোৱাৰে বুলিও কলিতাই উল্লেখ কৰে। 

কলিতাই কয় যে স্থানীয় ৰাইজে অভিযোগ কৰা মতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পৰিয়ালে ৫ বাৰকৈ দেৱাল ভঙা-পিটা কৰি পুনৰ নিৰ্মাণ কৰিছে। বোন্দাজান জলাশয়ৰ বহু মাটি তেওঁলোকৰ পৰিয়ালে বেদখল কৰা বুলিও স্থানীয় ৰাইজে অভিযোগ কৰিছে। 

কংগ্ৰেছ নেতা-নেত্ৰী ক্ৰমে ৰুমী বৰগোহাঁই, ভৱ বৰা, ৰিমঝিম বৰা, পৰেশ ৰংহাং, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ ৰূপা কলিতা, হেপী গগৈ আৰু পীতাম্বৰ যোশীকে ধৰি বহুকেইজন লোক উপস্থিত থাকে। 

জয়ন্ত মল্ল বৰুৱা বেদখল কংগ্ৰেছ মীৰা বৰঠাকুৰ