বৰেণ্য সংস্কৃত পণ্ডিত, সদ্য প্ৰয়াত তিলক চন্দ্ৰ শৰ্মা শাস্ত্ৰীৰ বাসভৱনত জয়ন্ত বৰুৱা

বৰেণ্য সংস্কৃত পণ্ডিত, যশস্বী শিক্ষাবিদ, লব্ধপ্ৰতিষ্ঠ সাহিত্যিক তিলক চন্দ্ৰ শৰ্মা শাস্ত্ৰীৰ ২ ফেব্ৰুৱাৰীৰ নিশা দেহাৱসান ঘটে। আজি তেওঁৰ বাসগৃহত উপস্থিত হয় জয়ন্ত বৰুৱা।

author-image
Asomiya Pratidin
New Update
বৰেণ্য সংস্কৃত পণ্ডিত, সদ্য প্ৰয়াত তিলক চন্দ্ৰ শৰ্মা শাস্ত্ৰীৰ বাসভৱনত জয়ন্ত বৰুৱা

ডিজিটেল সংবাদ গুৱাহাটীঃ বৰেণ্য সংস্কৃত পণ্ডিত, যশস্বী শিক্ষাবিদ, লব্ধপ্ৰতিষ্ঠ সাহিত্যিক তিলক চন্দ্ৰ শৰ্মা শাস্ত্ৰীৰ ২ ফেব্ৰুৱাৰীৰ নিশা দেহাৱসান ঘটে। আজি অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক তথা সাদিন, প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই পণ্ডিত শৰ্মা শাস্ত্ৰীৰ চান্দমাৰী -মিলনপুৰস্থিত নিজা বাসভৱনলৈ আহি প্ৰয়াত তিলক চন্দ্ৰ শৰ্মা শাস্ত্ৰীৰ স্থিৰচিত্ৰত পুষ্পাৰ্ঘ অৰ্পণ কৰে।

Advertisment

প্ৰয়াত শাস্ত্ৰীৰ ঘৰত উপস্থিত হৈ বৰুৱাই কয়- "আমি এজন তপস্বীক হেৰুৱালো। শৰ্মা ছাৰৰ সান্নিধ্যই আমাক বহু আগলৈকে খোজ দিবলৈ শিকাইছে। ছাৰৰ পৰা উদাৰতা, সহিষ্ণুতা, ত্যাগ আদি শিকিছো।"

সদ্য প্ৰয়াত শৰ্মা শাস্ত্ৰীৰ পত্নী তথা গুৱাহাটীৰ ছোৱালী পলিটেকনিক মহাবিদ্যালয়ৰ অংক বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা ভানু দেৱীৰ সন্মুখত শৰ্মা ছাৰৰ বিশাল ব্যক্তিত্বৰ কথা ব্যক্ত কৰে।  অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱাক সংগ দিয়ে পৰাগজ্যোতি প্ৰকাশনৰ সচিব তথা সাংবাদিক, লেখক দীপক শৰ্মাই।

জয়ন্ত বৰুৱা