/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/484a007e-ebfb-42df-86ec-a3d5617f82e5/JB_16.jpg)
ব্ৰেইল ছপাশালৰ বিষয়া, কৰ্মচাৰীক জয়ন্ত বৰুৱাৰ আনুষ্ঠানিক কৃতজ্ঞতা...
ডিজিটেল ডেস্কঃ ‘সাদিন প্ৰতিদিন গোষ্ঠী’ৰ স্বত্বাধিকাৰ তথা ‘অসমীয়া প্ৰতিদিন’ৰ সম্পাদক জয়ন্ত বৰুৱা শুকুৰবাৰে গৈ উপস্থিত হয় গৈ বশিষ্ঠত থকা অসম চৰকাৰৰ ব্ৰেইল ছপাশালত। বৰুৱাৰ সৈতে ‘সাদিন প্ৰতিদিন গোষ্ঠী’ৰ সঞ্চালক ঋষি বৰুৱা, ‘প্ৰতিদিন টাইম’ৰ পৰিচালন সম্পাদক স্মিতাক্ষী বি গোস্বামী আৰু ‘অসমীয়া প্ৰতিদিন’ৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই ছপাশালটোৰ বিষয়া কৰ্মচাৰীসকলক বিশ্ব অভিলেখ গঢ়া ‘হেমকোষ’ৰ ব্ৰেইল সংস্কৰণ প্ৰকাশৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে আনুষ্ঠানিক কৃতজ্ঞতা জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/87c7953f-4737-4b50-a144-59d6fe7cb9d3/9f7182f7_f328_4ee2_98bb_3c25dcb811ec.jpg)
ব্ৰেইল ছপাশালটোৰ প্ৰবন্ধক এম এন হুছেইন, কাৰিকৰী বিষয়া আৰু কৰ্মচাৰীসকলক ইয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰি ‘হেমকোষ’ প্ৰকাশন তথা ‘সাদিন প্ৰতিদিন গোষ্ঠী’ৰ পৰা এখন প্ৰশস্তি পত্ৰ প্ৰদান কৰা হয়। ‘সাদিন প্ৰতিদিন গোষ্ঠী’ৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাই প্ৰদান কৰা এই প্ৰশস্তি পত্ৰ ব্ৰেইল ছপাশালটোৰ বিষয়া কৰ্মচাৰীৰ হৈ গ্ৰহণ কৰে প্ৰবন্ধক হুছেইনে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/b61038ab-e61d-4300-8cfd-abdf487f5e99/d3efdf6e_1ead_4ab9_ac95_5d06bc4aa2c4.jpg)
প্ৰবন্ধকগৰাকীয়ে এই পত্ৰ গ্ৰহণ কৰি কয়, এনে এক মহান কাৰ্য সম্পাদনাৰ ক্ষেত্ৰত সহযোগ কৰিবলৈ তেওঁলোকক সুবিধা প্ৰদান কৰাৰ বাবে নিজকে গৌৰৱ অনুভৱ কৰিছে। এই প্ৰয়াসৰ বাবে তেওঁলোকক অংশীদাৰ কৰাৰ কাৰণে ‘সাদিন প্ৰতিদিন গোষ্ঠী’ক তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে। ইয়াৰ পাছতেই ছপাশালটোৰ সকলো বিষয়া-কৰ্মচাৰী তথা ‘হেমকোষ’ৰ ব্ৰেইল সংস্কৰণ প্ৰকাশৰ ক্ষেত্ৰত বাহিৰৰ পৰাও সহযোগিতা আগবঢ়োৱাসকলৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে ‘সাদিন প্ৰতিদিন গোষ্ঠী’ৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাৰ লগতে ঋষি বৰুৱা, স্মিতাক্ষী বি গোস্বামী আৰু প্ৰকাশ মহন্তই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/7d7e1b3c-85c6-43b6-a9c1-bbebbed1e349/f6e52489_aac1_46c3_b113_0245669bff62.jpg)
Also Read: লখিমপুৰ মেডিকেল কলেজৰ ১০০ খন আসনত নামভৰ্তিৰ বাবে অনুমোদন...