কটন কলেজিয়েটত সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাক সম্বৰ্ধনা

কটন কলেজিয়েটত সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাক সম্বৰ্ধনা

author-image
Asomiya Pratidin
New Update
কটন কলেজিয়েটত সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাক সম্বৰ্ধনা

ডিজিটেল ডেস্কঃ 'গীনিজ বুক অৱ ৱৰ্ল্ড ৰেক'ৰ্ডৰ প্ৰমাণ পত্ৰ লোৱাৰ পিছত মোক শদিয়াৰ পৰা ধুবুৰীলৈকে অসমৰ ৰাইজে বহু হেপাঁহ আৰু মৰমেৰে উপচাই দিছে। কিন্তু এই সকলোবোৰৰ ওপৰত যেন আজিৰ এই অনুষ্ঠান। কাৰণ এইখন স্কুলে মোৰ জীৱনৰ বাট দেখুৱাই দিছিল। এই স্কুলৰ শিক্ষাই মোক আগুৱাই নিছে।' কটন কলেজিয়টত এইদৰে মন্তব্য কৰে প্ৰাক্তন ছাত্ৰ তথা সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই।

Advertisment

বৃহস্পতিবাৰে কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষ আৰু কটন কলেজিয়েট প্ৰাক্তন ছাত্ৰ সমিতিৰ উদ্যোগত অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা স্বত্বাধিকাৰী জয়ন্ত বৰুৱাক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়।

'হেমকোষ'ৰ ব্ৰেইল সংস্কৰণে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভেৰে অসমীয়া সাহিত্য জগতলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে শিক্ষানুষ্ঠানখনৰ প্ৰাক্তন ছাত্ৰ জয়ন্ত বৰুৱালৈ এই সম্বৰ্দ্ধনা আগবঢ়োৱা হয়। এই অনুষ্ঠানত উপস্থিত হৈ নষ্টালজিক হৈ পৰে 'সাদিন-প্ৰতিদিন গোষ্ঠী'ৰ অধ্যক্ষগৰাকী।

উল্লেখ্য যে, ১৯৭৫ চনত কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল জয়ন্ত বৰুৱা। নিজৰ বিদ্যালয়ৰ পৰা সম্বৰ্দ্ধনা লাভ কৰি আৱেগিক হৈ পৰে অধ্যক্ষ জয়ন্ত বৰুৱা।

অনুষ্ঠানত উপস্থিত হৈ জয়ন্ত বৰুৱাই কয় যে, জীৱনৰ আদিপাঠ গ্ৰহণ কৰা বিদ্যালয়খনৰ পৰা সম্বৰ্দ্ধনা গ্ৰহণ কৰাটো তেওঁৰ বাবে যথেষ্ট বিশেষ অভিজ্ঞতা। লগতে সভাত উপস্থিত শিক্ষাৰ্থীসকলক উদ্দেশ্য কৰি তেওঁ কয় যে, যিকোনো বিষয়তে গভীৰ অধ্যয়ণেহে প্ৰকৃত জ্ঞান প্ৰদান কৰিব পাৰে।

উল্লেখ্য যে, উক্ত অনুষ্ঠানৰ আৰম্ভণিতে অসমীয়া প্ৰতিদিনৰ সম্পাদক বৰুৱাক এন চি চিৰ সদস্যসকলে এক গাম্ভীৰ্য পৰিৱেশৰ মাজেৰে মঞ্চলৈ আদৰি নিয়ে। ইফালে এই অনুষ্ঠানত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী,ছাত্ৰৰ লগতে প্ৰাক্তন শিক্ষাৰ্থীসকল উপস্থিত থাকে।

Also Read: দেশত 'অমৃত কাল': নদীৰ পানী খাই জীয়াই আছে অসমীয়া

Cotton collegiate govt. higher secondary school