/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/fb872f48-0f53-49ee-aad7-4672e3102921/pani.jpg)
ডিজিটেল সংবাদ, জোনাই : ধেমাজি জিলাৰ জোনাই মহকুমাৰ ৰাজাখানা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰায়াং শান্তিপুৰ গাঁৱৰ ৰাইজক এতিয়াও ঢুকি পোৱা নাই চৰকাৰী উন্নয়নৰ আচঁনিয়ে। যাৰফলত চৰম দুৰ্বিষহ জীৱন যাপন কৰিব লগা হৈছে শান্তিপুৰ গাঁৱৰ ৰাইজে।
বিশেষকৈ চৰকাৰৰ জল জীৱন মিছনৰ পানী যোগান আঁচনিয়ে ঢুকি নোপোৱা গাঁওখনত বিশুদ্ধ খোৱাপানীৰ সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে। ফলত ৰায়াং শান্তিপুৰ গাঁৱৰ ৰাইজে এটোপাল বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে।
ৰায়াং শান্তিপুৰ গাঁৱৰ ৰাইজে নদীৰ পাৰৰ বালিত গাত খান্দি লেতেৰা পানী খাই জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। চৰকাৰৰ উন্নয়নৰ পৰশ নপৰা জোনাইৰ ৰায়াং শান্তিপুৰ গাঁৱৰ ৰাইজে বিশুদ্ধ খোৱাপানীৰ অভাৱত বছৰ বছৰ ধৰি অৰুণাচলৰ পাহাৰৰ পৰা বৈ অহা ৰায়াং নদীৰ পানী সেৱন কৰি জীয়াই আছে। ৰায়াং শান্তিপুৰ গাঁৱৰ ৰাইজে নদীৰ পাৰৰ বালিত গাত খান্দি দৈনিক প্ৰয়োজনীয় পানী সংগ্ৰহ কৰি আহিছে।
দেশৰ স্বাধীনতাৰ সাতটা দশকৰ পিছতো ৰাইজে এনেদৰে নদীৰ পৰা খোৱাপানী সংগ্ৰহ কৰি জীয়াই থাকিব লগা হোৱা ঘটনাই চৰকাৰৰ প্ৰকৃত উন্নয়নৰ ছবখন উদঙাই দিছে।
কেন্দ্ৰীয় চৰকাৰৰ জল জীৱন মিছনৰ পানী যোগান আচঁনিয়েও ঢুকি নোপোৱাত ৰাজাখানা পঞ্চায়তৰ অন্তৰ্গত ৰায়াং শান্তিপুৰ গাঁৱৰ ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। ৰায়াং শান্তিপুৰ গাঁৱৰ বাসিন্দা ৰঞ্জিত গগৈয়ে জানিবলৈ দিয়া মতে, গাঁৱৰ ৰাইজে পানী সংগ্ৰহ কৰিবলৈ নদীৰ পাৰলৈ বহু দূৰ যাব লাগে। বিধায়ক ভুৱন পেগু আৰু সাংসদ প্ৰদান বৰুৱাই ৰায়াং শান্তিপুৰ গাঁৱৰ ৰাইজৰ খোৱাপানীৰ লগতে উন্নয়নৰ প্ৰতি কোনোধৰণৰ গুৰুত্ব দিয়া নায়।
চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু জনপ্ৰতিনিধিৰ অবহেলাতে ৰায়াং শান্তিপুৰ গাঁৱৰ জনসাধাৰণে নদীৰ পানী খাবলৈ বাধ্য হৈছে। ইফালে নদীৰ পানী খাই জীৱন কৰিবলগীয়া হোৱাৰ ফলত ৰাইজৰ মাজত সঘনাই বিভিন্ন বেমাৰ-আজাৰ হোৱা পৰিলক্ষিত হয়। আনহাতে বাৰিষাৰ সময়ত নদীখন পানীৰে ভৰি পৰিলে ৰায়াং শান্তিপুৰ গাঁৱৰ ৰাইজৰ খোৱাপানীৰ সমস্যাই অধিক জটিল ৰূপ ধাৰণ কৰে।
ৰায়াং শান্তিপুৰ গাঁৱৰ ৰাইজে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ওচৰত শীঘ্ৰে ৰায়াং শান্তিপুৰ গাঁৱত জল জীৱনৰ মিছনৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনি স্থাপনৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।