Advertisment

জাতীয় মহিলা পৰিষদৰ দ্বিবাৰ্ষিক প্ৰতিনিধি সভাৰ সফল সমাপ্তিঃ নতুন কমিটী সমিতি

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদৰ দ্বিবাৰ্ষিক প্ৰতিনিধি সভাখন আজি গুৱাহাটীৰ বিষ্ণু নিৰ্মলা ভৱনত আয়োজন কৰে। গঠন কৰে নতুন সমিতি।

author-image
Asomiya Pratidin
New Update
যুৱ-ছাত্ৰৰ জাতীয় মহিলা পৰিষদৰ দ্বিবাৰ্ষিক প্ৰতিনিধি সভাৰ সফল সমাপ্তিঃ নতুন কমিটী সমিতি

ডিজিটেল ডেস্কঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদৰ দ্বিবাৰ্ষিক প্ৰতিনিধি সভাখন আজি গুৱাহাটীৰ বিষ্ণু নিৰ্মলা ভৱনত আয়োজন কৰে। উল্লেখ্য যে জাতীয় মহিলা পৰিষদৰ কামৰূপ মহানগৰ সমিতিৰ আতিথ্যত আয়োজিত প্ৰতিনিধি সভাখনত পুৱা পৰিষদৰ পতাকা উত্তোলন কৰে জাতীয় মহিলা পৰিষদৰ সভাপতি বিনীতা কুমাৰে আৰু ছহিদ তৰ্পণ কৰে মামনি দৈমাৰীয়ে।

Advertisment

যুৱ-ছাত্ৰৰ জাতীয় মহিলা পৰিষদৰ দ্বিবাৰ্ষিক প্ৰতিনিধি সভাৰ সফল সমাপ্তিঃ নতুন কমিটী সমিতি

ৰাজ্যিক সমিতিৰ সাংগঠনিক সম্পাদিকা মায়াৰাণী লাহনে সতীৰ্থ স্মৰণ কৰাৰ পাছতেই অসমৰ বিভিন্ন প্ৰান্তৰ ১৫ খন জিলা সমিতিয়ে অংশগ্ৰহণ কৰা প্ৰতিনিধি সভাখন উদ্বোধন কৰি পৰিষদৰ মুখ্য উপদেষ্টা  ৰাণা প্ৰতাপ বৰুৱাই কয় যে, ১৯৯২চনত গঠিত পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদে অসমত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীৰ মহিলাৰ মাজত শৈক্ষিক সামাজিক সাংস্কৃতিক ক্ৰীড়া আৰু অৰ্থনৈতিক দিশত কাম কৰি আহিছে।

যুৱ-ছাত্ৰৰ জাতীয় মহিলা পৰিষদৰ দ্বিবাৰ্ষিক প্ৰতিনিধি সভাৰ সফল সমাপ্তিঃ নতুন কমিটী সমিতি

বৰ্তমানৰ পুঁজিপতি চৰকাৰখনে মহিলাসকলক আঁচনিৰ মেৰপেছত পেলাই ভৱিষ্যতৰ অৰ্থনৈতিক ভাবে সবল হ'বলগীয়া অসমখনকৰ পৰিকাঠামোত আঘাত হানিছে। এইক্ষেত্ৰত সহজ সৰল মহিলাসকলৰ মাজত সজাগতা আনিবলৈ জাতীয় মহিলা পৰিষদৰ কৰণীয় বহুখিনি আছে বুলি দোহাৰে।

পৰিষদৰ সভাপতি পলাশ চাংমায়ে নাৰী শক্তিৰ ইতিহাস আৰু ভৱিষ্যতৰ সম্পৰ্কত বক্তৃতা ৰাখে। প্ৰতিনিধি সভাৰ অন্তত ২০২৫-২০২৭ বৰ্ষৰ জাতীয় মহিলা পৰিষদখনৰ বিনীতা কুমাৰ সভানেত্ৰী হিচাবে আৰু মামনি দত্ত দৈমাৰীক সাধাৰণ সম্পাদিকা হিচাবে লৈ শক্তিশালী ৰূপত গঠন কৰে।

যুৱ-ছাত্ৰৰ জাতীয় মহিলা পৰিষদৰ দ্বিবাৰ্ষিক প্ৰতিনিধি সভাৰ সফল সমাপ্তিঃ নতুন কমিটী সমিতি

উক্ত প্ৰতিনিধি সভাখনত উপস্থিত থাকে পৰিষদৰ  উপদেষ্টা কমল ভড়ালী,সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁইকে প্ৰমুখ্য কৰি পৰিষদৰ কেন্দ্ৰীয় বিষয়ববীয়া তথা সাত শতাধিক মহিলায়ে।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জাতীয় মহিলা পৰিষদ