/asomiyapratidin/media/media_files/2025/03/05/6ZAUTMcMMSLH1PEjQXY2.jpg)
ডিজিটেল ডেস্কঃ চতুৰ্থ জাপান-এন ই আৰ বহনক্ষম প্ৰযুক্তি সহযোগিতা আলোচনা চক্ৰৰ অংশ হিচাপে বুধবাৰে জাপানৰ বিভিন্ন বিশ্ববিদ্যালয়, উদ্যোগ, চৰকাৰী সংস্থা আৰু জাপানৰ দূতাবাসৰ ১৮ জনীয়া এটা প্ৰতিনিধি দলে গুৱাহাটী বিশ্ববিদ্যালয় ভ্ৰমণ কৰে। গুৱাহাটী আই আই টি আৰু জাপানৰ গিফু বিশ্ববিদ্যালয়ৰ যৌথ উদ্যোগত অনুষ্ঠিত হৈ থকা আলোচনা চক্ৰৰ অংশ হিচাপে দলটোৱে উত্তৰ-পূব ভাৰত আৰু জাপানৰ মাজত শৈক্ষিক আৰু উদ্যোগিক সংযোগ সুদৃঢ় কৰাৰ ক্ষেত্ৰত আগভাগ লোৱাৰ উদ্দেশ্যে গুৱাহাটী বিশ্ববিদ্যালয়ত উপস্থিত হয় ।
দিল্লীত থকা জাপানৰ দূতাবাসৰ প্ৰথম সচিব মাকাটো ৱাটানাবেৰ সৈতে জাপানৰ প্ৰতিনিধিসকলে বিশ্ববিদ্যালয়ৰ ড⁰ এইছ কে বৰুৱা আঞ্চলিক উদ্ভিদ সম্পদ কেন্দ্ৰকে ধৰি জৈৱ বৈচিত্ৰ্য আৰু মীন কেন্দ্ৰ পৰিদৰ্শন কৰে। দলটোৱে ভ্ৰমণৰ সময়ছোৱাত বিশ্ববিদ্যালয়ৰ সন্মানীয় পঞ্জীয়ক, অধ্যাপক সদস্যৰ সৈতে এক গুৰত্বপূৰ্ণ বৈঠকত মিলিত হয় ।
উক্ত বৈঠকত বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ, গৱেষণাৰ বিভিন্ন দিশ আৰু পৰিসৰ,চলি থকা পদক্ষেপ, আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্বৰ সম্ভাৱনা, সংস্কৃতিক ক্ষেত্ৰকে ধৰি অন্য বিষয়ৰ সফলতাসমূহ দাঙি ধৰা হয়। বৈঠকত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই তেওঁৰ মন্তব্যত কয় যে, “জাপানৰ বিশ্ববিদ্যালয় আৰু উদ্যোগসমূহৰ সৈতে অংশীদাৰিত্বই কেৱল গৱেষণা আৰু জ্ঞান বিনিময় বৃদ্ধি কৰাই নহয়, অঞ্চলটোত পৰিৱৰ্তনশীল অৰ্থনৈতিক আৰু প্ৰযুক্তিগত বৃদ্ধিৰ পথো মুকলি কৰিব।”
বৈঠকৰ অন্তত প্ৰতিনিধি দলটোৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সু-সংগঠিত আন্তঃগাঁথনি, শৈক্ষিক তথা অন্য ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় সফলতা আৰু বিশ্ববিদ্যালয় চৌহদৰ পৰিৱেশক প্ৰশংসা কৰে।