সৰবৰহী মহিলা যামিনী প্ৰভা পাটোৱাৰীৰ বিয়োগ...

গুৱাহাটীৰ চানমাৰীৰ শৰণীয়াৰ সৰবৰহী মহিলা যামিনী প্ৰভা পাটোৱাৰীৰ বিয়োগৰ খবৰে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। বিগত কেইবাদিনো ধৰি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল মহিলাগৰাকী। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৬বছৰ। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
jami

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ চানমাৰীৰ শৰণীয়াৰ সৰবৰহী মহিলা যামিনী প্ৰভা পাটোৱাৰীৰ বিয়োগৰ খবৰে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। বিগত কেইবাদিনো ধৰি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল মহিলাগৰাকী। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৬বছৰ। 

Advertisment

উল্লেখ কৰা প্ৰয়োজন যে, ধৰ্মপ্ৰাণা যামিনী প্ৰভা পাটোৱাৰীৰ বিয়োগৰ খবৰ শোক প্ৰকাশ কৰিছে গুৱাহাটী লাচিত সংঘইও। মৃত্যুৰ সময়ত তেওঁ ইহ সংসাৰত এৰি থৈ যায় ৩গৰাকী জীয়াৰী আৰু দুজন পুত্ৰ। প্ৰয়াত যামিনী প্ৰভা পাটোৱাৰীৰ পুত্ৰ মৃণাল পাটোৱাৰী গুৱাহাটী লাচিত সংঘৰ সাধাৰণ সম্পাদক।

শনিবাৰে দিনৰ ভাগত মৃত্যু হোৱা যামিনী প্ৰভা পাটোৱাৰীৰ নশ্বৰ দেহ প্ৰথমে ঘৰলৈ হস্পাতালৰ পৰা ঘৰলৈ অনা হব বুলি পৰিয়ালৰ লোকে সদৰি কৰিছে। ইয়াৰ পিছতে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব। 

গুৱাহাটী