বাধ্যতামূলক হ’ব মহানগৰীৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ সন্মুখত ডাষ্টবিন ৰখাটো...

মহানগৰ খনক অধিক পৰিষ্কাৰ , পৰিচন্ন কৰি ৰখাৰ ক্ষেত্ৰত শেহতীয়াকৈ গুৱাহাটী পৌৰ নিগমে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

author-image
Asomiya Pratidin
New Update
বাধ্যতামূলক হ’ব মহানগৰীৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ সন্মুখত ডাষ্টবিন ৰখাটো...

বাধ্যতামূলক হ’ব মহানগৰীৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ সন্মুখত ডাষ্টবিন ৰখাটো.

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা দোকান, ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহক দিয়া নহ’ব মহানগৰখনক লেতেৰা কৰিবলৈ ৷ মহানগৰ খনক অধিক পৰিষ্কাৰ , পৰিচন্ন কৰি ৰখাৰ ক্ষেত্ৰত শেহতীয়াকৈ গুৱাহাটী পৌৰ নিগমে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

Advertisment

এতিয়াৰে পৰা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে নিজৰ দোকান তথা ব্যৱসায়ীক প্ৰতিষ্ঠানৰ সন্মুখত ৰাখিব লাগিব ডাষ্টবিন ৷প্ৰতিখন দোকান আৰু ব্যৱয়াসিক প্ৰতিষ্ঠানৰ বাবে এয়া বাধ্যতামূলক কৰিছে পৌৰ নিগমে ৷ এই নিয়ম উলংঘা কৰিলেই বিহা হ’ব জৰিমনা ৷

অন্যথা মহানগৰ খনক কদৰ্যময় কৰি তুলাৰ ক্ষেত্ৰত দোকান-পোহাৰ সমূহেও দীৰ্ঘদিনে অৰিহণা যোগাই আহিছে ৷ পৌৰ নিগমৰ এনে সিদ্ধান্তই মহানগৰৰ স্বচ্চ তথা সুন্দৰ পৰিৱেশ গঢ় দিয়াৰ ক্ষেত্ৰত সহায় কৰিব ৷ পৌৰ নিগমৰ এনে সিদ্ধান্তক মহানগৰীৰ প্ৰতিগৰাকী সচেতন ব্যক্তিয়ে আদৰণি জনাইছে ৷

Also Read: চৰকাৰ ব্যৰ্থ, ছেবাক পুনৰ গঠন কৰক : ছাত্ৰ সন্থা...