/asomiyapratidin/media/media_files/2025/03/24/r8EbHGiaMJOVvF7lFWBz.png)
ডিজিটেল ডেস্কঃ দুখনকৈ আই পি এলৰ মেচ অনুষ্ঠিত কৰিবলৈ সাজু হৈছে গুৱাহাটী। অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এই দুয়োখন মেচৰ বাবে আজি গুৱাহাটী যান বাহন আৰক্ষীয়ে পথ নিৰ্দেশনা জাৰি কৰিছে।
উল্লেখ্য যে, অহা ২৬ আৰু ৩০ মাৰ্চত গুৱাহাটীত ঘৰুৱা দল ৰাজস্থান ৰয়েলছে ক্ৰমে কলকাতা নাইট ৰাইডাৰ্ছ আৰু চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব দুখন মেচ। ইয়াৰে প্ৰথমখন মেচৰ বাবে ইতিমধ্যে গুৱাহাটীত আহি উপস্থিত হৈছে দল দুটা।
তাৰ মাজতে আজি বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত গুৱাহাটী যান-বাহন আৰক্ষীয়ে এক সংবাদ মেল সম্বোধন কৰি দুয়োখন মেচৰ বাবে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি ২৬ আৰু ৩০ মাৰ্চত ষ্টেডিয়ামৰ দিশে বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে।
দিনৰ ২ বজাৰ পৰা নিশা ১১ বজালৈকে বন্ধ থাকিব বাণিজ্যিক বাহনৰ চলাচল। কাহিলীপাৰা পথেৰে দুপৰীয়া ২ বজাৰ পৰা বাণিজ্যিক পথত চলাচল বন্ধ থআকিব।
একেদৰে একে আজাদ পথত বিৰুবাৰীৰ পৰা বৰ্ষাপাৰাৰ দিশেৰে আহিব নোৱাৰিব। কুল বসুমতাৰী পথত কেৱল ভি আই পি পাছ থকা বাহনহে চলিব পাৰিব। মৰা ভৰলু পথত কোনো বাহন চলাব নোৱাৰিব।
যিসকলে দৰ্শকে ৫ আৰু ৬ নম্বৰ গেটেৰে ষ্টেডিয়ামত প্ৰৱেশ কৰিব তেওঁলোকে শ্যাম মন্দিৰৰ দিশেৰে আহিব লাগিব। আমবাৰীৰ পৰা চম্পাৱতী বিদ্যালয় পথত কোনো বাহন চলাব নোৱাৰিব। সেইদৰে ৭নং গেটেৰে প্ৰৱেশ কৰিবলগীয়া দৰ্শকে গেট নম্বৰ ১ বিৰে প্ৰৱেশ কৰিব পাৰিব। দৰ্শকসকলৰ বাবে মুঠ ১১ টাকৈ পাৰ্কিঙৰো ব্যৱস্থা কৰিছে বুলি জনাইছে প্ৰশাসনে।