মনালিছা ছছাইটিৰ উদ্যোগত নাৰী দিৱস উদযাপন

১০বিশিষ্ট নাৰীলৈ ২০২৪ বৰ্ষৰ "অসম জননী বঁটা" প্ৰদান
মনালিছা ছছাইটিৰ উদ্যোগত নাৰী দিৱস উদযাপন

ডিজিটেল সংবাদ, গুৱাহাটীঃ প্ৰতি বছৰৰ দৰে এই বছৰো মনালিছা ছ'ইটিয়ে 'আন্তৰ্জাতিক নাৰী দিৱস' ৰ লগত সংগতি ৰাখি এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। বুধবাৰে মহানগৰীৰ বেলতলাত থকা প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধাৱাসত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত সমাজৰ হকে বিভিন্ন মাধ্যমেৰে সেৱা আগবঢ়োৱা দহ গৰাকী বিশিষ্ট নাৰীলৈ "অসম জননী বঁটা - ২০২৪" আগবঢ়োৱা হয়। বঁটা প্ৰাপক সকলক এখন ফুলাম গামোচা, এটা জাপি, এখন মানপত্ৰ আৰু এটা স্মাৰক আগবঢ়োৱা হয়।

বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰী আৰু বিশিষ্ট সমাজ সেৱিকা প্ৰীতি শইকীয়াই বঁটা প্ৰাপক সকলক বঁটা সমূহ প্ৰদান কৰে। লগতে নিজৰ নিজৰ কৰ্মৰ জৰিয়তে সমাজৰ হিত সাধন কৰাৰ বাবে আহ্বান জনায়। সভাৰ আৰম্ভণিতে দুয়োগৰাকী বিদূষী মহিলাক বৃদ্ধাৱাসৰ আইতা সকলে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।

আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি মনালিছা ছ'চাইটিয়ে এই বৰ্ষত ক্ৰমে কৰ্কট ৰোগত আক্ৰান্ত সকলৰ সৈতে দিনে নিশাই সেৱা আগবঢ়োৱা দ্বীপশিখা কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচৰ সম্পাদিকা ড: মৃন্ময়ী বৰুৱা, প্ৰিয়বন্ধু খ্যাত শিশু আৰু নিপিড়িত মহিলা সকলৰ সৈতে নেৰেনেপেৰা কৈ ব্ৰতী থকা অৰ্চনা বৰঠাকুৰ, আৰক্ষী বিভাগত কৰ্মৰত হৈও নিষ্ঠাৰে বিভিন্ন জনক ন্যায় প্ৰদান কৰা সৎ , নিষ্ঠাৱান আৰক্ষী অধীক্ষক (এছ বি) পূৰবী মজুমদাৰ, বিশিষ্ট অভিনেত্ৰী নিশিতা গোস্বামী, সমাজ সেৱিকা ও বিশিষ্ট লেখিকা ৰামিছা বেগম, সমাজ সেৱিকা বন্দনা জালান, গায়িকা ও সমাজ সেৱিকা ৰিচা ভৰদ্বাজ, সমাজ সেৱিকা ড: মচফিকা হুছেইন, সমাজ সেৱিকা হিমাদ্ৰী ভৰদ্বাজ আৰু সাংবাদিক পাপৰী বৰাক "অসম জননী বঁটা - ২০২৪" প্ৰদান কৰা হয়। গোটেই অনুষ্ঠান টোৰ আঁতধৰে মনালিছা ছ'চাইটিৰ সম্পাদক উৎপল হৰ্ষবৰ্ধনে।

মনালিছা ছছাইটিৰ উদ্যোগত নাৰী দিৱস উদযাপন
প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ নাপালে ধৰ্মঘটত বহিব কংগ্ৰেছ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in