/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/a8e20468-a894-46d6-b899-889b69557092/BJP_new.jpg)
ইন্দ্ৰাণী কাণ্ডক লৈ বাজেপেয়ী ভৱনত ৰাজ্যিক বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক...
ডিজিটেল ডেস্কঃ বিজেপিৰ কৃষাণ মৰ্চাৰ ৰাজ্যিক নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ পিছতে বিজেপিৰ ভিতৰচৰাত জোকাৰণি সৃষ্টি হোৱাৰ সমান্তৰালকৈ দলটোৰ ভিতৰচৰাত চলি থকা ব্যাপক বিশৃংখলতাৰ পৰিৱেশ পোহৰলৈ আহিছিল। দলটোৰ মাজত সৃষ্টি হোৱা এনে অনুশাসনহীনতাই দলটোক যথেষ্ট ক্ষতিও কৰিছে।
সেয়েহে এনে পৰিস্থিতিত আজি গুৱাহাটীৰ বশিষ্ঠস্থিত ৰাজ্যিক কাৰ্যালয়ত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হৈছে। এই সভাতেই ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যা আৰু ইয়াৰ পৰৱৰ্তী সময়ত সৃষ্টি হোৱা পৰিস্থিতিৰ বিষয়ে আলোচনা হ'ব।
উল্লেখ্য যে, ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰ সৈতে নাম জড়িত হৈ পৰিছে এগৰাকী প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়কৰ। ইন্দ্ৰাণী তহবিলদাৰ আৰু অনুৰাগ চলিহাৰ অন্তৰংগ মুহূৰ্তৰ ফটো ভাইৰেল কৰাৰ আঁৰত এইগৰাকী প্ৰাক্তন মন্ত্ৰীৰ নাম সাঙুৰ খাই পৰিছে।
উক্ত বিধায়কজনে ইতিমধ্যে ইন্দ্ৰাণী তহবিলদাৰৰ অন্তৰংগ ফটো দ্বীবন ডেকাই তেওঁলৈ প্ৰেৰণ কৰাৰ কথা স্বীকাৰ কৰিছে। অৱশ্যে এই ফটোখন তেওঁ ভাইৰেল কৰা নাই বুলি আত্মপক্ষক সমৰ্থন কৰি মন্তব্য কৰিছে।
আনহাতে ইন্দ্ৰাণী তহবিলদাৰৰ সৈতে দ্বীবন ডেকাৰ এই ফটোখন ভাইৰেলৰ সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ নেতৃত্বক চাফাই গাবলৈ অনুৰোধ জনোৱা এক অডিঅ' ক্লিপ ভাইৰেল হৈছিল। ৰিয়া নামৰ এগৰাকী যুৱতীয়ে দ্বীবন ডেকাক অনুৰোধ কৰিছিল ইন্দ্ৰাণীক সেই বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ তেওঁ ব্যৱস্থা গ্ৰহণ কৰে।
উক্ত যুৱতীগৰাকীৰ সাক্ষ গ্ৰহণ কৰিছে আৰক্ষীয়ে। এই ঘটনা সন্দৰ্ভত ৰিয়া নামৰ যুৱতীগৰাকীয়েও বহু কথা জানে। কিয়নো ইন্দ্ৰাণী তহবিলদাৰৰ ঘনিষ্ঠ আছিল এই যুৱতীগৰাকী।
উল্লেখ্য যে, বশিষ্ঠৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা আজিৰ এই সভাত বিজেপিৰ ৮ টাকৈ মৰ্চাৰ ৰাজ্যিক নেতৃত্ব উপস্থিত থাকিব। এই ৮টা মৰ্চাৰ অধিকাংশতে অনুশাসনহীনতাৰ অভিযোগ উত্থাপন হৈছে।
চাকৰিৰ কেলেংকাৰীৰ পৰা আৰম্ভ কৰি আত্মহত্যালৈকে প্ৰায়বোৰ ঘটনাতে এই ৮টা মৰ্চাৰ অধিকাংশৰে নেতৃত্বৰ নাম উল্লেখ হোৱাত চৰম বিপদ পৰা দলটোৰ নেতৃত্বই সেয়েহে এতিয়া এই মৰ্চা কেইটাৰ নেতৃত্বক মাতি আনি আজি পুনৰ পাঠ দিয়াৰ ব্যৱস্থা কৰিছে।
Also Read: ইটাখোলাত ৭৫ গৰাকী প্ৰয়াত ব্যক্তিৰ সোঁৱৰণত বৃক্ষৰোপণ...