গুৱাহাটী-আগৰতলা অভিমুখী বিমানত অঘটন ! মাজ আকাশত দুৱাৰ খোলাৰ চেষ্টা যাত্ৰীৰ...

গুৱাহাটী-আগৰতলা অভিমুখী বিমানত অঘটন ! মাজ আকাশত দুৱাৰ খোলাৰ চেষ্টা  যাত্ৰীৰ...
গুৱাহাটী-আগৰতলা অভিমুখী বিমানত অঘটন ! মাজ আকাশত দুৱাৰ খোলাৰ চেষ্টা যাত্ৰীৰ...

ডিজিটেল ডেস্কঃ মাজ আকাশত বিমানৰ দুৱাৰ খোলাৰ চেষ্টা কৰি গ্ৰেপ্তাৰ হ'ল এগৰাকী যাত্ৰী। গুৱাহাটীৰ পৰা ত্ৰিপুৰাৰ আগৰতলালৈ যাত্ৰা কৰা এখন ইণ্ডিগ’ বিমানত সংঘটিত হৈছে এই ঘটনা।

বিমানখন উৰা মৰাৰ ঠিক কিছু সময়ৰ পাছতে মাজ আকাশত হঠাৎ ৪১ বছৰীয়া যাত্ৰীগৰাকীয়ে দুৱাৰখন খুলিবলৈ চেষ্টা কৰে। অৱশ্যে বিমানখনৰ আন আন যাত্ৰীয়ে তেওঁক ধৰি দুৱাৰখন খোলাত বাধা প্ৰদান কৰি সাম্ভাব্য বিপদৰ পৰা ৰক্ষা কৰে।

ইয়াৰ পাছতে বিমানখন অৱতৰণ লগে লগে তেওঁক বিমান কৰ্তৃপক্ষই আৰক্ষীৰ হাতত গতাই দিয়ে আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ত্ৰিপুৰা বিমান বন্দৰৰ কৰ্মীয়ে জনোৱা অনুসৰি এই যাত্ৰীজনৰ নাম বিশ্বজিৎ দেবনাথ।

তেওঁ উল্লেখ কৰা অনুসৰি বিমানখনে উৰণ আৰম্ভ কৰাৰ পাছতে যাত্ৰীজনে জৰুৰী অৱস্থাৰ বাবে থকা দুৱাৰখন খুলিবলৈ চেষ্টা কৰে। ইয়াকে দেখি বিমানখনৰ আন আন সচেতন যাত্ৰীয়ে তেওঁক বাধা প্ৰদান কৰি দুৱাৰখন খুলিবলৈ নিদি ধৰি ৰাখে।

কেৱল সেয়াই নহয়, এইগৰাকী যাত্ৰীয়ে বিমান কৰ্মীৰ সৈতেও দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যোৱা মঙ্গলবাৰেও দিল্লীৰ পৰা চেন্নাইলৈ উৰা মৰা ইণ্ডিগ'ৰে আন এখন বিমানত এনেধৰণৰ অনুৰূপ ঘটনা সংঘটিত হৈছিল।

ইয়াৰো পূৰ্বে আকৌ হায়দৰাবাদৰ পৰা দিল্লীলৈ উৰা মৰা আৰু দিল্লীৰ পৰা বেংগালুৰুলৈ উৰা মৰা আন দুখন ইণ্ডিগ' বিমানতো সংঘটিত হৈছিল একেই ঘটনা।

গুৱাহাটী-আগৰতলা অভিমুখী বিমানত অঘটন ! মাজ আকাশত দুৱাৰ খোলাৰ চেষ্টা  যাত্ৰীৰ...
নাৰেংগীত মহিলাক ২০ টকীয়া নোট দেখুৱাই ডকাইতে লুটিলে ৩.৫ লাখ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in