Advertisment

কামৰূপ মহানগৰ আবকাৰী বিভাগ আৰু মেঘালয় আৰক্ষীৰ যৌথ অভিযানত উৎখাত অবৈধ সুৰা ফেক্টৰী

আবকাৰী বিভাগৰ অভিযানত গুৱাহাটীৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে। তাৰোপৰি বৰাপানীত অভিযান চলাই এটা অবৈধ সুৰা প্ৰস্তুতকাৰী ফেক্টৰীও উৎখাত কৰিছে।

author-image
Tushar Pratim
New Update
কামৰূপ মহানগৰ আবকাৰী বিভাগ আৰু মেঘালয় আৰক্ষীৰ যৌথ অভিযানত উৎখাত অবৈধ সুৰা ফেক্টৰী

ডিজিটেল ডেস্কঃ কামৰূপ মহানগৰ জিলাৰ আবকাৰী বিভাগৰ অভিযানত  গুৱাহাটীৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে। তাৰোপৰি অভিযানকাৰী দলটোৱে চুবুৰীয়া মেঘালয়ৰ বৰাপানীত অভিযান চলাই এটা অবৈধ সুৰা প্ৰস্তুতকাৰী ফেক্টৰীও উৎখাত কৰিছে।

Advertisment

উল্লেখ্য যে, গুৱাহাটীৰ পৰা কিছু নিলগত মেঘালয়ৰ বৰাপানীত অবৈধ সুৰা ফেক্টৰী নিৰ্মাণ কৰি ভেজাল সুৰা প্ৰস্তুত কৰি আহিছিল এটা চক্ৰই। অভিযোগ অনুসৰি এই অবৈধ সুৰা ফেক্টৰীটো নিৰ্মাণ কৰিছিল পৰাগ ৰাজ ছিংলা নামৰ এজন সুৰা মাফিয়াই।

এই সুৰা ফেক্টৰীত উৎপাদিত হোৱা ভেজাল আৰু অতি নিম্ন মানদণ্ডৰ সুৰা অবৈধ বজাৰত মাত্ৰ ৫০ টকাৰ পৰাই উপলব্ধ হৈছিল। এই অবৈধ সুৰাৰে ভৰি পৰিছিল গুৱাহাটী।

তাৰ মাজতেই কামৰূপ মহানগৰ আৰক্ষীয়ে অভিযান চলাই গুৱাহাটীৰ পৰা সেই ফেক্টৰীত উৎপাদিত প্ৰায় ডেৰ কোটি টকাৰ অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে। তাৰোপৰি গ্ৰেপ্তাৰ কৰিছে সেই সুৰা ফেক্টৰীৰ গৰাকী পৰাগ ৰাজ ছিংলাক।

জানিব পৰা মতে পৰাগ ৰাজ ছিংলা গুৱাহাটীৰ ছাৰ্ভে অঞ্চলৰ বাসিন্দা। অভিযানকাৰী দলটোৱে তেওঁ গোচৰ নম্বৰ BAST.EX/21/2024 নম্বৰত নিজৰ জিম্মাত লৈছে। অভিযোগ মতে পৰাগ ৰাজ ছিংলা নামৰ এই সুৰা মাফিয়াই বৰ্ণিহাট অঞ্চলতো এটা অবৈধ সুৰা প্ৰস্তুত কৰা ফেক্টৰী নিৰ্মাণ কৰিছিল।

এই ফেক্টৰীতে তেওঁ বহু কেইটা জনপ্ৰিয় বিলাতী সুৰাৰ ব্ৰেণ্ডৰ নামত ভেজাল সুৰা প্ৰস্তুত কৰি অসম আৰু মেঘালয়ৰ বজাৰত মেলি দিছিল। এই অবৈধ ফেক্টৰীতো কামৰূপ মহানগৰ আবকাৰী বিভাগৰ অভিযানকাৰী দলটোৱে মেঘালয় আৰক্ষীৰ সহায়ত উৎখাত কৰিবলৈ সক্ষম হৈছে। এই ফেক্টৰীত অভিযানকাৰী দলটোৱে প্ৰায় ৩০০০ কাৰ্টুন বিলাতী অবৈধ, ভেজাল সুৰা জব্দ কৰিছে। তাৰোপৰি এইবোৰ প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰী আদিও জব্দ কৰিবলৈ সক্ষম হৈছে।

 

আবকাৰী বিভাগ অবৈধ সুৰা