/asomiyapratidin/media/media_files/2025/05/28/XO7yzXFNC0wPue0UJ8mS.jpeg)
ডিজিটেল ডেস্কঃ যিসময়ত গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান সমস্যা সমাধানৰ বাবে শিলসাকোঁত উচ্ছেদ অভিযান চলিছে, জলাশয় সংৰক্ষণৰ প্ৰসংগ আহিছে সেই সময়তে দীপৰ বিলৰ লগতে ইয়াৰ সংলগ্ন অঞ্চলৰ জলাশয়সমূহত মুকলিকৈ অব্যাহত আছে বেদখল প্ৰক্ৰিয়া। কেৱল বিল, জলাশয়ৰ ভূমি বেদখলেই নহয়, ইয়াত অব্যাহত আছে অবৈধ নিৰ্মাণ কাৰ্য।
অথচ এই সকলোবোৰ দেখিও নেদেখাৰ ভাও জুৰিছে সংশ্লিষ্ট বিভাগ তথা কৰ্তৃপক্ষই। এফালে শিলসাঁকোত হোৱা অবৈধ বেদখল আৰু নিৰ্মাণ উচ্ছেদেৰে গুৱাহাটীক কৃত্ৰিম বানমুক্ত কৰাৰ কথা কোৱা চৰকাৰে গুৱাহাটীৰ কাষৰীয়া অঞ্চলসমূহত কিদৰে জলাশয়সমূহ দিনৰ পোহৰতে অসাধু শক্তিয়ে পুতি পেলাই অবৈধ নিৰ্মাণ অব্যাহত ৰাখিছে তাৰ প্ৰতি তিল মানো গুৰুত্ব নিদিয়াৰ বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।
এনে অসাধু চক্ৰৰ কৱলত পৰিয়েই জালুকবাৰীৰ পৰা কিছু আঁতৰৰ ধাৰাপুৰত থকা জলাশয়সমূহ এতিয়া সম্পূৰ্ণ ৰূপে নিঃশেষ হৈ পৰাৰ উপক্ৰম হৈছে। দীপৰ বিলৰ সৈতে সংযোগ থকা এই বিশাল অঞ্চলৰ জলাশয়সমূহ মাটিৰে পুতি পেলাই তাত দেৱাল নিৰ্মাণ কৰি চলিছে অবৈধ নিৰ্মাণ কাৰ্য।
আজিৰ পৰা তিনি, চাৰিটা বছৰ আগলৈকে যি জলাশয়ৰ ভূমিত টিনৰ চালিৰ সৰু সৰু কিছুমান ঘৰ দেখা গৈছিল সেই জলাশয়ৰ ভূমিত এতিয়া গঢ়ি উঠিছে বিশাল অট্টালিকা। ধাৰাপুৰত থকা ইকম টাৱাৰৰ ঠিক কাষেৰে সোমাই যোৱা পথৰে কিছু দূৰলৈ গৈ চালেই কিদৰে ইয়াৰ জলাশয়সমূহ পুতি পেলোৱা হৈছে সেয়া স্পষ্টকৈ পৰিলক্ষিত হয়।
জলাশয়ৰ ভূমি বেদখল কৰি নিৰ্মাণ কৰা এই আৱাসিক অঞ্চললৈ যাবলৈ নিৰ্মাণ কৰা হৈছে ব্লক ইটাৰ পথ। জলাশয়ৰ ওপৰত সন্দেহজনক অবৈধ ভাৱে গঢ়ি উঠা এই আৱাসিক অঞ্চলৰ কাষতে এতিয়া আকৌ বিশাল জলাশয়ৰ ভূমি পুতি দেৱাল নিৰ্মাণ কৰি তাত অব্যাহত আছে নিৰ্মাণ কাৰ্য।
উল্লেখ্য যে, ৰামছাৰ ক্ষেত্ৰ দীপৰ বিলৰ অস্তিত্বক লৈ যোৱা সময়ছোৱাত নানান প্ৰশ্ন উত্থাপন হৈছে। আনকি এই বিষয়টো পাইছেগৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াও। বিলখনত হোৱা অবৈধ বেদখল আৰু নিৰ্মাণৰ ফলত ইয়াৰ সীমাও সংকুচিত হৈ আহিছে।
দীপৰ বিললৈ নামি অহা এই অস্তিত্বৰ সংকটৰ বিষয়টোক লৈ একাংশ সচেতন লোকে বিভিন্ন সময়ত মাত মাতি আহিছে যদিও এই বিলখনৰ সৈতে সংলগ্ন হৈ থকা বিশাল জলাশয়সমূহৰ বেদখলক লৈ কিন্তু নীৰৱ সকলো। এনে জলাশয়ত চৰকাৰী পৃষ্ঠপোষকতাতে চলিছে অবৈধ নিৰ্মাণ।
স্মৰ্তব্য, অতি শেহতীয়াকৈ দীপৰ বিলত চৰকাৰী বিভাগে চলাই থকা অবৈধ নিৰ্মাণকাৰ্য আৰু মাটি পেলোৱা সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে।দীপৰ বিলৰ সংৰক্ষণ সন্দৰ্ভত এখন ৰাজহুৱা স্বার্থজড়িত আৱেদনৰ শুনানি গ্ৰহণ কৰি লোক নিৰ্মাণ বিভাগে দীপৰ বিলত মাটি পেলোৱা আৰু অবৈধ নিৰ্মাণকাৰ্যৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে।
ন্যায়ালয়ত প্ৰমোদ কলিতা নামৰ এগৰাকী গোচৰীয়াই এই অবৈধ নিৰ্মাণৰ কথা উল্লেখ কৰি জনাইছিল যে, লোক নিৰ্মাণ বিভাগে ধাৰাপুৰৰ দিশত নিৰ্মাণকাৰ্যৰ নামত বিলত মাটি পেলাই আহিছে। এই কাৰ্যই বিলখনক সংকুচিত কৰিছে। বিলখনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। ২০০২ চনৰ পৰা বিলখনৰ সীমা নিৰ্ধাৰণ কৰাৰ প্ৰক্ৰিয়া আজিলৈকে সম্পন্ন হোৱা নাই।
বিলখনত চলা এনে অবৈধ নিৰ্মাণৰ বাবেই ইয়ালৈ পক্ষীৰ আগমণো হ্ৰাস পাইছে। বিলখনত চলোৱা তিনিবছৰৰ গণনাত পক্ষীৰ আগমন হ্ৰাস হোৱাৰ প্ৰমাণ পোৱা গৈছে।২০২৩ চনৰ গণনাত দীপৰ বিলত ২৮ হাজাৰ পক্ষীৰ আগমন হৈছিল। কিন্তু ২০২৫ চনৰ গণনাত ১৭ হাজাৰ পক্ষীৰ আগমন হৈছে।
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ স্থিতিত লোক নিৰ্মাণ বিভাগে দীপৰ বিলৰ যিসমূহ স্থানত মাটি পুৰণ কৰাৰ উপৰিও অন্যান্য কাৰ্যকলাপ কৰিছিল সেইসমূহ বন্ধ কৰিব বুলি শপতনামা দাখিল কৰিবলৈ বাধ্য হৈছিল। ইয়াৰ বাবে ন্যায়ালয়ৰ পৰা বিচাৰিছিল ছয়ৰ পৰা সাত সপ্তাহৰ সময়।
কিন্তু লক্ষ্যণীয় বিষয় হ’ল যে ধাৰাপুৰ অঞ্চলৰ বিভিন্ন প্ৰান্তত জলাশয়ৰ ওপৰত চলি থকা অবৈধ নিৰ্মাণ এতিয়াও অব্যাহত আছে। এতিয়াও অঞ্চলটোৰ জলাশয় পুতি তাৰ ওপৰত মুক্তভাৱে বিভিন্ন নিৰ্মাণ কাৰ্য চলি আছে।
প্ৰশ্ন হয়, ইমান মুকলিকৈ এই জলাশয়ৰ ভূমি বেদখল কৰি, সেই সমূহ পুতি তাত কিদৰে নিৰ্মাণ অব্যাহত আছে? কিদৰে জলাশয়ৰ ভূমিৰ ওপৰত যোৱা তিনি, চাৰিটা বছৰৰ ভিতৰত নিৰ্মাণ হৈ উঠিছে ওখ ওখ অট্টালিকা? এই বেদখলকাৰী, অবৈধ নিৰ্মাণকাৰীৰ মূৰত আছে নেকি কোনো ক্ষমতাশালী লোকৰ আশীৰ্বাদ? শিলসাঁকোৰ দৰেই ইয়াত চলিবনে উচ্ছেদ অভিযান? এই প্ৰশ্নও সাধাৰণ নাগৰিকৰ।