ডিজিটেল ডেস্কঃ গুৱাহাটীত আজি অসম প্ৰদেশ কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ প্ৰতিবাদৰ সন্দৰ্ভত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কংগ্ৰেছে গুৱাহাটীত গুলী চলোৱাটো বিচাৰি আছে বুলি কৈ ৰাজনৈতিক দলৰ প্ৰতিবাদ কৰা কাম নহয় বুলিও কয়।
ড০ শৰ্মাই কয়, ভূপেন বৰাই হওক, ৰিপুণ বৰাই হওক বা কংগ্ৰেছৰ যিয়েই নহওক কিয়, তেওঁলোকে যোৱা কেইদিনমানৰ পৰা গুৱাহাটীত গুলী চালনা হোৱাটো বিচাৰি আছে। কংগ্ৰেছৰ দুই তিনিজনমান নেতাৰ মাজত কোন ডাঙৰ নেতা হ’ব তাৰ প্ৰতিযোগিতা চলিছে।
সেই প্ৰতিযোগিতাখনত গুৱাহাটীৰ মানুহক তেওঁলোকে পনবন্দী কৰিছে। কাৰণ ফায়াৰিং কৰাৰ পাছত সেই গুলী কংগ্ৰেছৰ গাতো পৰিব পাৰে, বিজেপিৰ গাতো পৰিব পাৰে। যোৱা কালিৰ পৰা তেওঁলোকে চেষ্টা চলাই আছে।
ড০ শৰ্মাই আন্দোলন কৰাটো ৰাজনৈতিক দলৰ কাম নহয় বুলি উল্লেখ কৰি কয় যে, আমিও কংগ্ৰেছ কৰিছো। কেতিয়াও ৰাজনৈতিক দল আন্দোলনকাৰী নহয়। ৰাজনৈতিক দলৰ আন্দোলন হয় ইলেকচনৰ বাকচত। যি কৰিব বিচাৰে মন্ত্ৰী, বিধায়ক হৈ কৰে। ৰাজনীতি কৰা দল কেতিয়াও ছাত্ৰ সংগঠন হ’ব নোৱাৰে, যুৱ সংগঠন হ’ব নোৱাৰে। আন্দোলন কৰাটো ৰাজনৈতিক দলৰ কাম নহয়।
ইফালে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি উদয় ভানু শিৱক হোটেলতে আটক কৰি ৰখাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, তেওঁলোকে হিমাচলৰ পৰা অসমত উৎপাত কৰিবলৈ আহিছে। জে’লতেই যাবলগীয়া আছিল কিন্তু হোটেলতে থৈ দিয়া হৈছে। বেলেগ ৰাজ্যত হোৱা হলে জে’লতে দি দিলে হয়। কিন্তু মৰমীয়াল ৰাজ্য বাবে হোটেলতে ৰাখি থোৱা হৈছে।