/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/b367bc80-0fb0-4b51-a80e-0d500700e855/o12.jpg)
ডিজিটেল ডেস্কঃ সৰুসজাই নালাপাৰাৰ লক্ষ্মী নাৰায়ণ সামূহিক সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আৰু ৰাজধানী ৰাজ্যিক চিকিৎসালয়ৰ সহযোগত বৃহস্পতিবাৰে পুৱা ১০ বজাৰ পৰা বিয়লি ২ বজালৈ লক্ষ্মী নাৰায়ণ সামূহিক সাংস্কৃতিক কেন্দ্ৰৰ প্ৰাঙ্গণত এক বিশেষ বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/9cdde600-c007-4ecf-b8cf-0a061e339092/2f0f6620_8e14_47b0_9f0a_7fc5246cf751.jpg)
শিবিৰত মেডিচিন,শিশুৰোগ,প্ৰসূতি, স্ত্ৰী ৰোগ,চকু আদি ৰোগৰ বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা প্ৰদান কৰা হয়। লগতে বিনামূলীয়াকৈ ঔষধ আৰু তেজ পৰীক্ষা কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/0a6d1bcf-b5ba-4b17-9802-080157fac938/1b3f3468_4dce_4eb2_9f11_e2bcd51a81b9.jpg)
পুৱা ৯-৩০ বজাত স্বাস্থ্য শিবিৰ মুকলি কৰে অঞ্চলটোৰ বয়োজ্যেষ্ঠ সমাজকৰ্মী কৃষ্ণকান্ত দাসে। শিবিৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি শিবিৰত ২৫০ গৰাকী ৰোগীয়ে চিকিৎসা সেৱা গ্ৰহণ কৰে।
শিশু ৰোগ বিশেষজ্ঞ বি চি কলিতা, প্ৰসূতি ৰোগ বিশেষজ্ঞ জেচমিন ৰহমান, চকু ৰোগ বিশেষজ্ঞ নিলোফাৰ হুচেইন, এম এণ্ড এইচ অ' আই স্মীতা কলিতা, বি পি এম হিমাক্ষী বৰুৱাৰ লগতে আশা কৰ্মী আৰু অন্যান্য স্বাস্থ্য কৰ্মী এই শিবিৰত উপস্থিত থাকে। শিবিৰত উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে উপস্থিত ৰাইজক লক্ষ্মী নাৰায়ণ সামূহিক সাংস্কৃতিক কেন্দ্ৰ পৰিচালনা সমিতিয়ে আন্তৰিক অভিন্দন জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/a103ca82-7734-4edf-bf68-5c2147b7c854/dc78559c_726a_4fa1_930c_6a26697ac9c5.jpg)
Also Read: প্ৰধানমন্ত্ৰীয়ে ৰাহুল গান্ধী সন্দৰ্ভত কৰা মন্তব্যক লৈ প্ৰতিবাদ ধেমাজি জিলা কংগ্ৰেছ সমিতিৰ