প্ৰধানমন্ত্ৰীয়ে ৰাহুল গান্ধী সন্দৰ্ভত কৰা মন্তব্যক লৈ প্ৰতিবাদ ধেমাজি জিলা কংগ্ৰেছ সমিতিৰ

প্ৰধানমন্ত্ৰীয়ে ৰাহুল গান্ধী সন্দৰ্ভত কৰা মন্তব্যক লৈ প্ৰতিবাদ ধেমাজি জিলা কংগ্ৰেছ সমিতিৰ

ডিজিটেল সংবাদ,ধেমাজিঃ ধেমাজি জিলা কংগ্ৰেছৰ সংবাদমেল।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাহুল গান্ধীক কৰা উপলুঙা মন্তব্যক লৈ প্ৰতিবাদ।

হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ পিছত আদানীৰ সম্পত্তিকলৈ সমগ্ৰ ভাৰতবৰ্ষতে তোলপাৰ হৈ থকাৰ সময়ত সংসদত ৰাহুল গান্ধীয়ে আদানী ব্যৱসায় গোষ্ঠীক লৈ বিচৰা প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উপলুঙা সূচক মন্তব্য কৰাৰ প্ৰতিবাদ কৰে ধেমাজি জিলা কংগ্ৰেছ সমিতিয়ে। বৃহস্পতিবাৰে ধেমাজি জিলা কংগ্ৰেছ সমিতিয়ে প্ৰধানমন্ত্ৰীজনৰ এনে কাণ্ডক লৈ তীব্ৰ বিৰোধিতা জনাই সমিতিয়ে।

আজি দুপৰীয়া জিলা কংগ্ৰেছৰ কাৰ্যালয় ইন্দিৰা ভৱনত এখন সংবাদমেল অনুষ্ঠিত কৰে ৷ ধেমাজি জিলা কংগ্ৰেছৰ সভাপতি মহেন্দ্ৰ বুঢ়াগোহাঁই উপ-সভাপতিদ্বয় অধিবক্তা যুগল বুঢ়াগোহাঁই আৰু মেন্টাৰাম পেগু ,সাধাৰণ সম্পাদক অভয় বৰা , জিলা কংগ্ৰেছৰ সেৱা দলৰ সভাপতি ধীৰেন পায়েং আৰু ধেমাজি টাউন ব্লক কংগ্ৰেছৰ সভাপতি দুৰ্ল্লৱ বাইলুঙকে প্ৰমুখ্যে কৰি জিলা কংগ্ৰেছৰ বিষয়ববীয়া সকলে সংবাদমেলত উপস্থিত থাকে।

সংবাদমেলৰ জড়িয়তে সমিতিয়ে হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত আদানীৰ সম্পত্তিৰ সম্পৰ্কত উত্থাপিত অভিযোগৰ তদন্তৰ বাবে সংসদীয় তদন্ত কমিটি গঠন কৰি সমগ্ৰ বিষয়টো তদন্তৰ দাবী কৰে।

প্ৰধানমন্ত্ৰীয়ে ৰাহুল গান্ধী সন্দৰ্ভত কৰা মন্তব্যক লৈ প্ৰতিবাদ ধেমাজি জিলা কংগ্ৰেছ সমিতিৰ
ঢকুৱাখনাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত দুৰ্নীতিৰ অভিযোগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in