/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-06/uqsx6vv6/maharastra 6.jpg)
মহানগৰীৰ আদাবাৰীত অঘটন।
নৱনিৰ্মিত ‘আশী মাৰ্গ’ অট্টালিকাৰ পৰা পৰি মৃত্যু এজন শ্রমিকৰ।
শ্রমিকজনে কাম কৰি থকা অৱস্থাতে ১৬ মহলীয়া অট্টালিকাৰ পৰা পৰি সংঘটিত হয় এই অঘটন।
পানীৰ টেংকিত কাম কৰি আছিল ছাদিক আখটাৰ নামৰ শ্ৰমিকগৰাকীয়ে।
মৃত ছাদিক আখটাৰৰ ঘৰ পশ্চিমবংগৰ মালদাত বুলি জানিব পৰা গৈছে।
ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে জালুকবাৰী আৰক্ষীয়ে।
উল্লেখ কৰা নৱনিৰ্মিত এই অট্টালিকাটোৰ বিৰুদ্ধে বহুদিনৰে উত্থাপিত হৈ আহিছে ভিন্ন অভিযোগ।