/asomiyapratidin/media/media_files/2025/05/31/neXKM9i10Y8FD1dLPa9p.jpg)
ডিজিটেল ডেস্কঃ বতৰ বিজ্ঞান কেন্দ্ৰৰৰ আগজাননী আৰু অসম চৰকাৰৰ সুৰক্ষামূলক সিদ্ধান্তৰ পিছত গুৱাহাটীবাসীৰ বাবে যেন কিছু সকাহ। বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা বৰষুণ শুকুৰবাৰে নিশা পৰ্যন্ত নেৰানেপেৰাকৈ অব্যাহত থকাৰ পিছত, শুকুৰবাৰে নিশা প্ৰায় ১১ বজাৰ পৰাই গুৱাহাটীত বন্ধ হৈছে বৰষুণ।
শনিবাৰে পুৱাই পূৱ আকাশত মেঘৰ আৱৰণৰ মাজতেই হৈছে সূৰ্যোদয়। যদিও বতৰ সেমেকা তথাপিও শুকুৰবাৰৰ দিনটোৰ দৰে পৰিস্থিতি হোৱাৰ আশা ক্ষীণ। নিশাই এৰা বৰষুণৰ ফলত গুৱাহাটীৰ বিভিন্ন ঠাইত আৱদ্ধ হৈ থকা পানীও লাহে লাহে হ্ৰাস পাইছে। অৱশ্যে গুগলৰ ৱেডাৰ ৰিপ'ৰ্ট অনুসৰি আজি বিয়লি ৪ বজাৰ পিছত বৰষুণ অহাৰ সম্ভাৱনা আছে।
বহু ঠাইৰে পথ পানীৰ পৰা মুকলি হৈছে যদিও ৰুক্মিনীগাওঁ, নবীন নগৰ, অনিল নগৰ, পাঞ্জাবাৰীৰ জুৰিপাৰ আদি অঞ্চলৰ বাসিন্দাসকল এতিয়াও পানীৰ মাজতে আৱদ্ধ হৈ আছে। উল্লেখ্য যে, শুকুৰবাৰে দিনটোৰ নেৰানেপেৰা বৰষুণৰ মাজতে দতালপাৰা অঞ্চলত দীপজ্যোতিবড়ো নামৰ এগৰাকী কিশোৰৰ নিশা ভূমিস্খলনত মৃত্যু হয়। আহত হয় মৃত দ্বীপজ্যোতিৰ জ্যেষ্ঠ ভগ্নী টানিয়া বড়ো।
পুৱাৰ বতৰ লক্ষ্য কৰি শুকুৰবাৰৰ দৰে প্ৰতিকুল বতৰৰ পৰা শনিবাৰৰ দিনটোত গুৱাহাটীবাসী ৰক্ষা পোৱাৰ সম্ভাৱনাই অধিক। অৱশ্যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই শনিবাৰ আৰু দেওবাৰৰ দিনটোৰ বাবেও গুৱাহাটীত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে।
চৰকাৰেও সুৰক্ষামূলকভাৱে কামৰূপ আৰু কামৰূপ মাহনগৰ জিলাৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰাৰ লগতে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কেজুৱেল ছুটি ঘোষণা কৰিছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জাননী অনুসৰি ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, বাক্সা, বৰপেটা, বঙাইগাঁও, বজালী, তামুলপুৰ, নলবাৰী, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভুমি জিলাত আগন্তুক দুটা দিনৰ বাবে ‘ৰেড এলাৰ্ট’ জাৰি কৰা হৈছে।
সেইদৰে কামৰূপ, কামৰূপ মহানগৰ, দৰং, ওদালগুৰি, মৰিগাঁও, নগাঁও, হোজাই, কাৰ্বি আংলং, গোলাঘাট আৰু শোণিতপুৰ জিলাৰ বাবে ‘অৰেঞ্জ এলাৰ্ট’ জাৰি কৰা হৈছে। ৰেড এলাৰ্ট জাৰি কৰা জিলা কেইখনত অতি প্ৰচণ্ড বৰষুণৰ সৈতে ঘণ্টাত প্ৰায় ৬০ কিলোমিটাৰ পৰ্যন্ত বেগেৰে বেগেৰ ধুমুহা অহাৰ সম্ভাৱনা আছে।
‘অৰেঞ্জ এলাৰ্ট’ জাৰি কৰা জিলা কেইখনত ধুমুহা আৰু বজ্ৰপাতৰ লগতে ঘণ্টাত ৩০ ৰ পৰা ৪০ কিলোমিটাৰ বেগেৰে ধুমুহা অহাৰ সম্ভাৱনা আছে। উল্লেখ্যে যে, চিৰাং, বাক্সা, বৰপেটা, বঙাইগাঁও, বজালী, তামুলপুৰ, দৰং আৰু ওদালগুৰি জিলাত শনিবাৰৰ বাবেও আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ‘ৰেড এলাৰ্ট’।