ন-পুৰণি ছাত্ৰৰ মিলনস্থলীলৈ ৰূপান্তৰিত হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাধৱ বেজবৰুৱা ১নং ছাত্ৰাৱাস…

ন-পুৰণি ছাত্ৰৰ মিলনস্থলীলৈ ৰূপান্তৰিত হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাধৱ বেজবৰুৱা ১নং ছাত্ৰাৱাস…

author-image
asomiyapratidin
New Update
ন-পুৰণি ছাত্ৰৰ মিলনস্থলীলৈ ৰূপান্তৰিত হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাধৱ বেজবৰুৱা ১নং ছাত্ৰাৱাস…

ডিজিটেল সংবাদ, গুৱাহাটীঃ কৃষ্ণচূড়াৰ নগৰী গুৱাহাটী বিশ্ববিদ্যালয়ৰ ন-পুৰণি প্ৰাক্তন ছাত্ৰৰ সমাৱেশে ভৰি পৰিব বিশ্ববিদ্যালয়ৰ প্ৰথমটো ছাত্ৰাৱাস । ১৯৫৫ চনত স্থাপিত মাধৱদেৱ বেজবৰুৱা ১ নং দুমহলীয়া এই পুৰণি ছাত্ৰাৱাসটোৰ মধুৰ স্মৃতি বুটলিবলৈ ২৪ আগষ্ট দিনা আয়োজন কৰিছে এক সতীৰ্থ সন্মিলন।

Advertisment

উল্লেখ্য যে এই সতীৰ্থ সন্মিলনত বিশিষ্ট ব্যক্তিৰ উপস্থিতিৰ উপৰিও একালৰ আবাসী বিজ্ঞানী তথা চন্দ্ৰযান-২ ৰ সফল উৎক্ষেপণৰ আঁৰৰ ব্যক্তি ড৹ জিতেন্দ্ৰনাথ গোস্বামীও উপস্থিত থাকিব। ইতিমধ্যে ৰাজ্যৰ কেইবাগৰাকী ব্যক্তিৰ তথা প্ৰাক্তন আৱাসী ছাত্ৰৰে এখন অভ্যৰ্থনা সমিতিৰ গঠন কৰা হৈছে।

আনহাতে এই কমিটিত আছে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অমলেন্দু চক্ৰৱৰ্তী, বৰপেটাৰ সাংসদ আব্দুল খালেক ধৰি সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দীপক কুমাৰ মিশ্ৰৰ লগতে অসম লোকসেৱা আয়োগৰ অধ্যক্ষকে প্ৰমূখ কৰি বিশিষ্ট ব্যক্তি। ইফালে ন-পূৰণি ছাত্ৰৰ সন্মিলনে এক ইতিবাচক সঁহাৰি আনিব বুলি সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী প্ৰকাশ কৰে।

এই ন-পূৰণি ছাত্ৰৰ সন্মিলনৰ ছাত্ৰাৱাসটোৰ চৌহদত গুৱাহাটী বিশ্ববিদ্যালয়ৰ নামত নিজৰ জীৱনৰ তুচ্ছ জ্ঞান কৰা মাধৱদেৱ বেজবৰুৱাৰ এটা ব্ৰঞ্জৰ মূৰ্তি স্থাপনৰ লগতে এটা পুথিভঁৰাল আৰু বেজবৰুৱা ট্ৰাষ্ট গঠনৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি অভ্যৰ্থনা সমিতিৰ সভাপতি ভৱজোতি বেজবৰুৱাই জনায়। এই ন-পূৰণি ছাত্ৰৰ সন্মিলনত সকলো প্ৰাক্তন ছাত্ৰৰে উপস্থিতি সমিতিয়ে কামনা কৰিছে।