ডিজিটেল ডেস্কঃ বুধবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ 'ৰাজভৱন চলো' কাৰ্যসূচীৰ মাজতে কৰ্তব্যৰত সাংবাদিকক লক্ষ্য কৰি আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ ঘটনাৰ প্ৰতিবাদত আজি গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত বিভিন্ন সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত সাংবাদিকসকলে প্ৰেছ ক্লাবৰ সন্মুখত অৱস্থান কৰে। প্ৰতিবাদী সাংবাদিকসকলে কৰ্তব্যৰত সাংবাদিকসকলৰ ওপৰত আৰক্ষীয়ে চলোৱা এই আক্ৰমণক গৰিহণা দিয়াৰ লগতে সাংবাদিকৰ কণ্ঠৰোধ কৰিবলৈ চলোৱা চক্ৰান্তকো নিন্দা কৰে।
প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামীয়ে সাংবাদিকৰ ওপৰত হোৱা অত্যাচাৰৰ প্ৰতিবাদ কৰি কৰ্তব্যৰত সাংবাদিকৰ সুৰক্ষাৰ বাবে এখন আইনৰো দাবী তোলে। তেওঁ কয়- ‘ ‘আমি যিহেতু কৰ্তব্যৰত অৱস্থাত থাকো, সেয়ে সাংবাদিক সুৰক্ষা আইন এখন আমাক খুব প্ৰয়োজন হৈ পৰিছে। যিধৰণে চিকৎসকৰ বাবে, আৰক্ষীৰ বাবে বা আন চৰকাৰী কৰ্তব্যৰত কৰ্মচাৰীৰ সুৰক্ষাৰ বাবে আইন আছে, তেনে সুৰক্ষা ব্যৱস্থা সাংবাদিকসকলৰ বাবেও খুব দৰকাৰ হৈ পৰিছে। চৰকাৰৰ ওচৰত এয়া আমাৰ দাবী।''
'প্ৰতিদিন টাইম'ৰ কাৰ্যবাহী সম্পাদক শোণিত ভূঞাই কৰ্তব্যৰত সাংবাদিকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ কৰা কাৰ্য কোনো কাৰণতে মানি ল’ব নোৱাৰি বুলি কৈ এয়া হতাশজনক খবৰ বুলি আক্ষেপ প্ৰকাশ কৰে। তেওঁ কয়- ‘‘আমাৰ বাবে এক হতাশাজনক খবৰ, হতাশাজনক ব্যৱস্থা। কোনোবাই প্ৰতিবাদ কৰিছে, সাংবাদিকে খবৰ সংগ্ৰহ কৰিবলৈ গৈছে। কিন্তু কালি (বুধবাৰে) যি ব্যৱস্থাৰে কন্দুৱা গেছ আৰক্ষীয়ে প্ৰয়োগ কৰিছে, কোনো কোনো ক্ষেত্ৰত এনেকুৱা লাগিছে তেওঁলোকে সাংবাদিকক লক্ষ্য কৰি লৈছে নেকি?’’
তেওঁ গোটেই ঘটনাক গৰিহণা দি কয় আৰু কয়- ‘‘যেতিয়া কোনোবা এজন নেতাই ভাষ্য প্ৰদান কৰিব সেই ভাষ্য সংগ্ৰহ কৰাটো সাংবাদিকৰ কৰ্তব্য। তেনে সময়ত কন্দুৱা গেছ প্ৰয়োগ কৰাটো কোনো কাৰণতে মানি ল’ব নোৱাৰি। এয়া একেবাৰেই যুক্তিসংগত নহয়। আৰক্ষীৰ উৰ্ধতম বিষয়াসকলে যিয়েই নকওক, যিমানেই আত্মপক্ষক সমৰ্থন নকৰক বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ব্যৱস্থাত এয়া কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। এয়া অত্যন্ত লজ্জাজনক ঘটনা। ইয়াক আমি গৰিহণা দিছো।''
আনহাতে প্ৰতিবাদস্থলীৰ পৰা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদক দিলোৱাৰ হুছেইন মজুমদাৰে সাংবাদিকৰ অধিকাৰ, সুৰক্ষা নিশ্চিত কৰাৰ দাবী উত্থাপন কৰে। তেওঁ কয়, ‘‘আচলতে এই ঘটনাক গৰিহণা দিয়াৰ কোনো ভাষা নাই। দুদিনৰ মূৰে মূৰে এনেধৰণৰ ঘটনা সংঘটিত হ’বলৈ ধৰিছে। গতিকে আমি চৰকাৰক অনুৰোধ জনাও সাংবাদিকৰ অধিকাৰ আৰু সুৰক্ষা সুনিশ্চিত কৰক। যদি আপোনালোকে সাংবাদিকৰ অধিকাৰ সুনিশ্চিত নকৰে তেন্তে আমি গুৱাহাটী প্ৰেছ ক্লাবৰ ফালৰ পৰা আগন্তুক সময়ত ইয়াতকৈ কঠোৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হম।''
বুধবাৰৰ ঘটনাত আহত হোৱা প্ৰতিদিন টাইমৰ সাংবাদিক অমৰেন্দ্ৰ ডেকাই এই প্ৰতিবাদস্থলীৰ পৰা সাংবাদিকৰ কণ্ঠ ৰোধ কৰিবলৈ বিচৰাসকলক উদ্দেশ্যি কয় সাংবাদিকৰ কণ্ঠ কেতিয়াও ৰোধ কৰিব নোৱাৰে। সংবাদ মাধ্যমে বাতৰি পৰিবেশন কৰিবই।
তেওঁ কয়, ‘‘প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ বাইট লৈ থকাৰ সময়ত যেতিয়া সাংবাদিকৰ দলৰ মাজত কন্দুৱা গেছ প্ৰয়োগ কৰা হৈছে, সেই কথাখিনিয়ে অলপ আচৰিত কৰিছে। এয়া যদি পৰিকল্পিত (মই নাভাবো এয়া পৰিকল্পিত) আৰু যদি ভাবিছে সংবাদ মাধ্যমৰ কণ্ঠৰোধ কৰিবলৈ বা সাংবাদিকক ভয় খোৱাবলৈ এনেকুৱা কৰা হৈছে, তেন্তে যিসকলে এনেকৈ ভাবিছে তেওঁলোকে ভুল ভাবিছে। সাংবাদিকৰ কণ্ঠ ৰোধ নহয়, সংবাদ মাধ্যম মনে মনে নাথাকে। সদায় মাত মাতিবই।''
উল্লেখ্য যে, বুধবাৰৰ কংগ্ৰেছৰ ৰাজভৱন চলো কাৰ্যসূচীৰ মাজতে সাংবাদিকৰ দলকো লক্ষ্য কৰি আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিছিল। এই ঘটনাত বহু কেইজন সাংবাদিক অসুস্থ হৈ পৰাৰ বিপৰীতে মৃদুল ইছলাম নামৰ কংগ্ৰেছ নেতাগৰাকীৰ মৃত্যু হৈছে। এই ঘটনাৰ প্ৰতিবাদত আজি ৰাজ্যৰ আন আন প্ৰান্ততো সাংবাদিকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে।