/asomiyapratidin/media/media_files/2025/03/26/LTHusmSoWoh3zhpsAgn6.jpg)
ডিজিটেল ডেস্কঃ উত্তপ্ত হৈ পৰিছে গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত সাংবাদিকে সাব্যস্ত কৰা প্ৰতিবাদ। আৰক্ষী আৰু প্ৰতিবাদীকাৰীৰ মাজত সৃষ্টি হৈছে তীব্ৰ হতাহতি। সাংবাদিকৰ প্ৰতিবাদক আৰক্ষীয়ে বাধা দিয়াত পৰিস্থিতি অধিক উত্তপ্ত হৈছে।
এই প্ৰতিবাদৰ মাজতে জ্যেষ্ঠ সাংবাদিক, সম্পাদক প্ৰশান্ত ৰাজগুৰুৱে কয়, সাংবাদিকে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিছে, তেওঁলোকক প্ৰতিবাদ কৰিবলৈ দিয়া উচিত। বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকজনক ওপৰলৈ মাতি লৈ যোৱা হৈছিল আৰু পাছত ভুৱা গোচৰ জাপি দিয়া হৈছে। তেওঁ কেৱল এটা প্ৰশ্ন কৰিছিল। এই দেশত যদি সাংবাদিকৰ প্ৰশ্ন কৰাৰ অধিকাৰ নাথাকে তেন্তে কাৰ থাকিব? দেশত যদি কোনেও প্ৰশ্ন কৰিব নোৱাৰে তেন্তে কোনে প্ৰশ্ন কৰিব? সাংবাদিকৰ বাবে সাংবাদিকেই মাত মাতিব লাগিব।
ইফালে প্ৰতিবাদস্থলীত অসুস্থ দেহাৰেই উপস্থিত আছে ৰাজ্যৰ বিশিষ্ট বুদ্ধীজীৱি তথা শিক্ষাবিদ অপূৰ্ব বৰুৱা। তেওঁ ক্ষোভ উজাৰি কয়, এই অসুৰৰ ৰাজ্যত কেৱল সাংবাদিক বুলিয়েই নহয়, আমিও জীয়াই থাকিব নোৱাৰিম।
উল্লেখ্য, অসম কো-অপাৰেটিভ এপেক্স বেংকৰ দুৰ্নীতিৰ সন্দৰ্ভত প্ৰশ্ন কৰাৰ অপৰাধত সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক পাণবজাৰ আৰক্ষীয়ে মঙলবাৰে আটক কৰি পৰৱৰ্তী সময়ত অন্য এক গোচৰত গ্ৰেপ্তাৰ কৰাৰ বিষয়টোক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। তাৰ মাজতেই আজি গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত ৰাজ্যৰ প্ৰতিটো সংবাদ গোষ্ঠীৰ জ্যেষ্ঠ, কনিষ্ঠ সাংবাদিক একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰিছে।
উল্লেখ্য যে, সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক, গুৱাহাটী উচ্চ ন্যায়ালয়ৰো অধিবক্তা দিলৱাৰ হুছেইনক মঙলবাৰে পাণবজাৰ আৰক্ষী থানালৈ মাতি নি একো বিষয় নজনোৱাকৈ তেওঁক দিনৰ ১১ বজাৰ পৰা নিশা ১১ বজালৈ বহুৱাই ৰাখি পৰিৱৰ্তী সময়ত এগৰাকী জনজাতীয় ব্যক্তিক অপমানজনক মন্তব্য কৰাৰ অভিযোগ তুলি তেওঁক ভাৰতীয় ন্যায় সংহিতাৰ 351(2)/3(1)(R) আৰু Sheduled Cast and Sheduled Tribe (Prevention of Atrocities) Act 2015 SC ৰ অধীনত পাণবজাৰ আৰক্ষী থানাত ১১০/২০২৫ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি গ্ৰেপ্তাৰ কৰে।
মূলতঃ অসম কো-অপাৰেটিভ এপেক্স বেংকৰ দুৰ্নীতিৰ সন্দৰ্ভত বেংকটোৰ পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াক প্ৰশ্ন কৰাৰ বাবেই তেওঁক এইদৰে ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা কাৰ্যত জাঙুৰ খাই পৰিছে সাংবাদিক, সংবাদ সংস্থাসমূহ।