/asomiyapratidin/media/media_files/2025/09/09/new-ap-web-7b-2025-09-09-23-34-37.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ল। ৯ ছেপ্টেম্বৰ, মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাব নির্বাচন সমিতিয়ে জাৰি কৰিলে নিৰ্বাচনী অধিসূচনা। অধিসূচনা জাৰি কৰাৰ লগে লগে বলবৎ হ'ল নির্বাচনী আচৰণবিধি। গুৱাহাটী প্ৰেছ ক্লাবৰ ২০২৫-২৭ বৰ্ষৰ নিৰ্বাচনৰ বাবে ১০ অক্টোবৰ, শুকুৰবাৰে ভোটগ্রহণ কৰা হ'ব।
১১ অক্টোবৰ, শনিবাৰে ভোটগণনা কৰা হ'ব আৰু সেইদিনাই ফলাফল ঘোষণা কৰা হ'ব। উল্লেখ্য, 'আমাৰ অসম'ৰ কাৰ্যবাহী সম্পাদক গৌতম শর্মাক অধ্যক্ষ হিচাপে লৈ গুৱাহাটী প্ৰেছ ক্লাবৰ ২০২৫-২৭ বৰ্ষৰ নিৰ্বাচন সমিতি গঠন কৰি দিছে গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সভাই।
নির্বাচন সমিতিৰ আন চাৰিগৰাকী সদস্য হৈছে ক্রমে 'দৈনিক অসম'ৰ জ্যেষ্ঠ সাংবাদিক অতুল্য মাধৱ গোস্বামী, 'প্রতিদিন টাইম'ৰ জ্যেষ্ঠ সাংবাদিক জিষ্ণু মেধি, 'এন ডি ২৪'ৰ জ্যেষ্ঠ সাংবাদিক অনিতা কলিতা গোস্বামী আৰু 'ডি ৱাই ৩৬৫'ৰ জ্যেষ্ঠ সাংবাদিক প্রশান্ত বল্লভ হাজৰিকা।
নির্বাচন সমিতিৰ অনুৰোধ মর্মে জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে ইতিমধ্যে সমিতিৰ আইন উপদেষ্টাৰ দায়িত্ব গ্রহণ কৰিছে। ১১ ছেপ্টেম্বৰ (বৃহস্পতিবাৰ), ১২ ছেপ্টেম্বৰ (শুকুৰবাৰ) আৰু ১৩ ছেপ্টেম্বৰৰ (শনিবাৰ) পুৱা ১০ বজাৰ পৰা দিনৰ ১ বজালৈ ইচ্ছুকসকলে গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা (নির্বাচন সমিতিৰ কাৰ্যালয়ৰ পৰা) মনোনয়ন-পত্র সংগ্রহ কৰিব পাৰিব। ১৪ ছেপ্টেম্বৰ (দেওবাৰ), ১৫ ছেপ্টেম্বৰ (সোমবাৰ) আৰু ১৬ ছেপ্টেম্বৰ (মঙলবাৰ) মনোনয়ন-পত্র দাখিল কৰাৰ দিন ধাৰ্য কৰা হৈছে।
কেউদিনেই পুৱা ১০ বজাৰ পৰা দিনৰ ১ বজাৰ ভিতৰত ইচ্ছুকসকলে নির্বাচন সমিতিৰ কাৰ্যালয়ত মনোনয়ন-পত্র দাখিল কৰিব পাৰিব। ১৮ ছেপ্টেম্বৰ, বৃহস্পতিবাৰে মনোনয়ন-পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। এই প্রক্ৰিয়াৰ অন্তত যোগ্য বিবেচিত প্রার্থীসকলৰ তালিকা প্রস্তুত কৰা হ'ব। মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ২০ ছেপ্টেম্বৰ, শনিবাৰ।
সেইদিনা পুৱা ১০ বজাৰ পৰা দিনৰ ১ বজাৰ ভিতৰত ইচ্ছুকসকলে মনোনয়ন-পত্র প্রত্যাহাৰ কৰিব পাৰিব। এই বিষয়ে নির্বাচন সমিতিক লিখিতভাবে অৱগত কৰিব লাগিব। মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ যাৱতীয় আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পাছত প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'বলগীয়া প্রার্থীৰ চূড়ান্ত তালিকা প্রকাশ কৰা হ'ব। ৮ অক্টোবৰ, বুধবাৰে আবেলি ৪ বজাত নির্বাচনী প্ৰচাৰৰ অন্ত পৰিব।
১০ অক্টোবৰ, শুকুৰবাৰে পুৱা ৮ বজাৰ পৰা আবেলি ৪ বজালৈ গুৱাহাটী প্রেছ ক্লাবত অনুষ্ঠিত হ'ব ভোটগ্রহণ পর্ব। ১১ অক্টোবৰ, শনিবাৰে পুৱা ৯ বজাৰ পৰা গুৱাহাটী প্ৰেছ ক্লাবত ভোটগণনা কৰা হ'ব। ভোটগণনাৰ পাছত যাৱতীয় আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ অন্তত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব।
গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি, সাধাৰণ সম্পাদক, কোষাধ্যক্ষ, সাংগঠনিক সম্পাদক, সাংস্কৃতিক সম্পাদক আৰু ক্রীড়া সম্পাদকৰ এটাকৈ পদৰ বাবে নির্বাচন অনুষ্ঠিত হ'ব। উপ-সভাপতি আৰু সহকাৰী সাধাৰণ সম্পাদকৰ দুটাকৈ পদৰ বাবে নির্বাচন অনুষ্ঠিত হ'ব। উপ-সভাপতি আৰু সহকাৰী সাধাৰণ সম্পাদকৰ একোটাকৈ পদ মহিলা/তৃতীয় লিংগৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।