ডিজিটেল সংবাদ, গুৱাহাটীঃ উন্মোচিত হ’ল কবি-সাহিত্যিক যোগেশ দাসৰ দ্বাদশ সংখ্যক গ্ৰন্থ- পানী পিয়া পখীৰ বাসনা। গুৱাহাটী প্ৰেছ ক্লাৱত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই কবিতাৰ সংকলনখনি ড০ দয়ানন্দ পাঠকে আনুষ্ঠানিকভাৱে উন্মোচন কৰে। প্ৰায় অৰ্ধ শতাধিক সাহিত্যপ্ৰেমী ৰাইজৰ উপস্থিতিৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ড০ সূৰ্য দাস, ধনদা পাঠককে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি।
পানী পিয়া পখীৰ বাসনা শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰি ড০ দয়ানন্দ পাঠকে কয় যে, এই কবিতা পুথিখনৰ মাজৰে কবিয়ে কাল্পনিক জগতখনৰ উপৰিও সাম্প্ৰতিক ঘটনাৰাজিক অধিক স্পষ্টভাৱে ফুটাঁই তুলিবলৈ চেষ্টা কৰিছে। নিসন্দেহে এই কবিতা পুথিখনত পাঠকে নতুন সোৱাদ লাভ কৰিব বুলি কয় ড০ পাঠকে।
আনফালে বিশিষ্টা লোক সংগীতৰ গৱেষিকা ধনদা পাঠকে এটি লোকগীত পৰিৱেশেনেৰ অনুষ্ঠানটি আৰু অধিক ৰসাল কৰি তোলে। তেওঁ বক্তব্যত কয় যে, আজিৰ কিছুমান কবিতা বুজিবলৈকে টান। কিন্তু পুৰণি কবিসকলে লিখা কবিতাৰ যি ছন্দ, সেই ছন্দ আজিৰ কবিতাত বিচাৰি নাপাও। আজিৰ একাংশই কেইটামান শব্দৰ সংযোগ কৰিয়ে অৰ্থবিহীনভাৱে এটা কবিতা লিখে।
আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক তথা বিশিষ্ট গৱেষক ড০ সূৰ্য দাসে কবিতাৰ প্ৰসংগৰ বিষয়ে কবলৈ গৈ শেহতীয়াকৈ অসমীয়া ভাষালৈ নামি অহা সংকট আৰু এচামৰ বাবে অসমীয়া ভাষা-সংস্কৃতি কিদৰে অৱনতি ঘটিছে তাৰ বিষয়ে সবিস্তাৰে বৰ্ণনা কৰে। আজিৰ সময়ত কবিতা তথা ছবি আঁকিবলৈও ভয় বুলি উল্লেখ কৰি তেওঁ যে, লাহে লাহে অসমীয়া কোৱা, অসমীয়া লিখা মানুহৰ সংখ্যা কমি আহিছে। এই ক্ষেত্ৰত আমি সকলোৱে সময় থাকোতেই সজাগ হোৱা প্ৰয়োজন।
গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানটি আঁত ধৰে পৰাগজ্যোতি প্ৰকাশনৰ সচিব দীপক শৰ্মাই। পানী পিয়া পখীৰ বাসনা-শীৰ্ষক কবিতা পুথিখনো পৰাগজ্যোতি প্ৰকাশনেই প্ৰকাশ কৰি উলিয়াইছে। অনুষ্ঠানটোত বিভিন্ন জনৰ সাৰুৱা ভাষণৰ লগতে গীত-মাতেৰেও জীপাল কৰি তোলে জ্যেষ্ঠ-কনিষ্ঠ বহুকেইগৰাকী শিল্পীয়ে।