/asomiyapratidin/media/media_files/2025/01/20/WMEp4DerubQIV7poqKCp.jpg)
ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত আজি সংঘটিত হৈছে আৰক্ষীৰ এক গুলীচালনাৰ ঘটনা। মহানগৰীৰ গড়ভাঙাত সংঘটিত হোৱা এই গুলী চালনাৰ ঘটনাত এটা ডকাইত গুলীবিদ্ধ হৈছে।
গুলীবিদ্ধ ডকাইতটোৰ নাম জয়দ্বীপ মজুমদাৰ। ১৯ বছৰীয়া এই ডকাইতটোৰ ভৰিত লাগিছে আৰক্ষীৰ গুলী।
জানিব পৰা মতে একাধিক চোৰাং কাৰবাৰৰ সৈতে জড়িত জয়দেৱ চিলনী চোৰ ৰূপেও কুখ্যাত আছিল। শেহতীয়াকৈ পল্টনবজাৰ আৰক্ষীৰ জালত পৰিছিল জয়দেৱ। আজি এজন সহযোগীক দেখুৱাবলৈ লৈ যোৱাৰ সময়তে গড়ভাঙাৰ মইনাখুৰুঙত আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে গুলীচালনা কৰে।
ঘটনা সন্দৰ্ভত পল্টনবজাৰ আৰক্ষী থানাৰ পৰিদৰ্শক কুলেশজ্যোতি ভূঞাই কয়, আজি জয়দেৱ মজুমদাৰক অভিযান চলাবলৈ গড়ভাঙা পাহাৰলৈ লৈ গৈছিলো। তেতিয়াই জয়দেৱে বমি লগা, প্ৰস্ৰাৱ লগা আদি কৈ একাষৰীয়া হৈ আমাৰ এজন বিষয়াৰ পৰা পিষ্টল কাঢি লয়। আত্মৰক্ষাৰ কাৰণে আমিও ভৰিত গুলীয়াও।
ধৃত জয়দেৱৰ বিৰুদ্ধে ৬০ টাকৈ চিলনী চোৰৰ অভিযোগ আছে। আজি এই জয়দেৱৰ লগতে মুঠ ৫ টা চোৰক ধৰা হৈছিল বুলিও জনাইছে আৰক্ষী বিষয়াজনে। বৰ্তমান গুলীবিদ্ধ জয়দেৱ আছে জি এম চি এইছত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us