Advertisment

গুৱাহাটীত পুনৰ গুলীবিদ্ধ চিলনী চোৰ...

গুৱাহাটীত পুনৰ আৰক্ষীয়ে  চিলনী চোৰলৈ লক্ষ্য কৰি গুলী চলানা কৰাৰ ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে নিশা গুলীবিদ্ধ হোৱা চিলনী চোৰটোৰ নাম জুৱেল। 

author-image
Asomiya Pratidin
New Update
গুৱাহাটীত পুনৰ গুলীবিদ্ধ চিলনী চোৰ...

ডিজিটেল ডেস্কঃ গুৱাহাটীত পুনৰ আৰক্ষীয়ে  চিলনী চোৰলৈ লক্ষ্য কৰি গুলী চলানা কৰাৰ ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে গুলীবিদ্ধ হোৱা চিলনী চোৰটোৰ নাম জুৱেল। 

Advertisment

উল্লেখ্য যে, সোমবাৰে নিশা প্ৰায় ৮ বজাত এটিএমৰ পৰা ধন উলিয়াই বাহিৰলৈ অহাৰ পাছতে বনফুল পথৰ ৰিজু শৰ্মা নামৰ মহিলাগৰাকীক এটা চিলনী চোৰে আক্ৰমণ কৰি তেওঁৰ হাতৰ বেগ লৈ পলায়ন কৰিছিল। 

এই ঘটনাত মহিলাগৰাকী গুৰুতৰভাৱে আহত হৈছিল। তেওঁক ভৰ্তি কৰোৱা হৈছিল হাস্পতালত। পাছত এই সম্পৰ্কে হাতীগাওঁ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰাৰ পাছতে আৰক্ষীয়ে অতি তৎপৰতাৰে অভিযান চলাই জুৱেল নামৰ চিলনী চোৰটোক আটক কৰে। 

পাছত নিশা আৰক্ষীয়ে জুৱেলৰ সতীৰ্থৰ সন্ধানত আৰু ঘটনাস্থলীলৈ লৈ যোৱাৰ সময়তে আৰক্ষীৰ কৱলৰ পৰা পলায়নৰ চেষ্টা কৰে। ফলত আৰক্ষীয়ে জুৱেললৈ লক্ষ্য কৰি গুলী চালনা কৰে। 

পৰৱৰ্তী সময়ত গুলীবিদ্ধ জুৱেলক জি এম চি এইছত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে জুৱেলৰ আক্ৰমণত  আহত ৰিজু শৰ্মা নামৰ বৰ্ষীয়ান মহিলাগৰাকীৰ অস্ত্ৰোপচাৰৰ কৰিবলগীয়া হৈছে। 

গুলী চালনা চিলনী চোৰ