
ডিজিটেল ডেস্ক : প্ৰবঞ্চক চক্ৰৰ বিৰুদ্ধে অব্যহত আছে মহানগৰ আৰক্ষীৰ অভিযান। নিশা মহানগৰীৰ এ বি চিস্থিত জুপিতাৰ পেলেচৰ কল চেণ্টাৰত আৰক্ষী আৰু অপৰাধ শাখাই চলাই ব্যাপক অভিযান।
যৌথ অভিযানৰ অন্তত কল চেণ্টাৰটোত নিয়োজিত ৫জন লোকক আৰক্ষীয়ে আটক কৰে। অৰিন্দম সিনহা নামৰ লোকজনে দীৰ্ঘদিনে এই কল চেণ্টাৰটোত কাম কৰাৰ অভিযোগ।
এই চেণ্টাৰটোৰ পৰা আৰক্ষীয়ে এখন দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে। এই তালিকাৰ ভিত্তিতেই বহুতো যুৱক-যুৱতীক আটক কৰাৰ সম্ভাৱনা আছে। ইয়াৰোপৰি গুৱাহাটীৰ ৮টা স্থানত থকা অবৈধ কল চেণ্টাৰ উৎখাত কৰে আৰক্ষীয়ে।
এইসমূহ কল চেণ্টাৰে বিগত সয়মত অনলাইনৰ মাধ্যমেৰে দেশ-বিদেশৰ লোকক প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই অভিযোগৰ ভিত্তিতেই দুদিন ধৰি আৰক্ষী আৰু অপৰাধ শাখাই ইয়াৰ বিৰুদ্ধে যৌথ অভিযান অব্যহত ৰাখিছে। ইতিমধ্যে আৰক্ষীয়ে প্ৰৱঞ্চকৰ এটা বৃহৎ দলক উৎখাত কৰিছে।
উল্লেখ্য যে, অনলাইনৰ মাধ্যমেৰে চাইবাৰ প্ৰৱঞ্চকৰ দলে বিগত প্ৰায় ২ বছৰে বিভিন্ন লোকৰ পৰা ধন সৰকাই আহিছিল। ইতিমধ্যে এই ঘটনাৰে জড়িত ৩জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অভিযুক্ত কেইজন হৈছে- ৰাজন চিদানা,দিব্যম অৰোৰা আৰু দেৱজ্যোতি দে'।