আজিৰে পৰা পুনৰ আৰম্ভ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা

মঙলবাৰৰ পৰা পুনৰ আৰম্ভ হৈছে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ফেৰী সেৱা।

author-image
Asomiya Pratidin
New Update
ব্রহ্মপুত্রৰ মাজত আবদ্ধ যাত্রীবাহী ফেৰী...

ডিজিটেল ডেস্কঃ মঙলবাৰৰ পৰা পুনৰ আৰম্ভ হৈছে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ফেৰী সেৱা। আভ্যন্তৰীণ জল পৰিবহণ বিভাগে সোমবাৰে এৰ জাননীযোগে জানিবলৈ দিয়ে এই কথা। বিভাগটোৰ জাননী অনুসৰি নিশা ৮.১৫ বজালৈকে বাহাল থাকিব ফেৰী সেৱা। 

Advertisment

উল্লেখ্য যে, বিগত ২৯ আগষ্টৰ পৰা বন্ধ হৈ আছিল গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ফেৰী সেৱা। ব্রহ্মপুত্রৰ জলপৃষ্ঠ বৃদ্ধি হোৱা বাবেই আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ফেৰী সেৱা বন্ধ কৰি ৰাখিছিল । বৰ্তমান ব্রহ্মপুত্রৰ জলপৃষ্ঠ কিছু সুস্থিৰ হৈ বিপদসীমাৰ তলেৰে পানী বোৱাত পুনৰ ফেৰী সেৱা বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে বিভাগটোৱে।

Also Read: তামুলপুৰত বিটিআৰ চীফে উদযাপন কৰিলে শিক্ষক দিৱসৰ প্ৰাক সন্ধিয়া

ferry