গুৱাহাটীত আৰক্ষীলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলী চালনা...

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত গাঞ্জা সৰবৰাহকাৰীয়ে আৰক্ষীলৈ গুলী চলোৱাৰ দৰে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মঙলবাৰে নিশা গুৱাহাটীৰ নাৰেংগী তিনিআলিত সংঘটিত হৈছে এই ঘটনা। 

author-image
Asomiya Pratidin
New Update
গুৱাহাটীত আৰক্ষীলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলী চালনা...

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত গাঞ্জা সৰবৰাহকাৰীয়ে আৰক্ষীলৈ লক্ষ্য কৰি গুলী চলোৱাৰ দৰে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মঙলবাৰে নিশা গুৱাহাটীৰ নাৰেংগী তিনিআলিত সংঘটিত হৈছে এই ঘটনা। 

Advertisment

জানিব পৰা মতে এখন বলেৰ' বাহনৰ পৰা আৰক্ষীলৈ লক্ষ্য কৰি গুলী চালনা কৰা হৈছিল। এই ঘটনাত সামন্য পৰিমাণে আহত হয় আৰক্ষী উপ-পৰিদৰ্শকআব্দুল মমিন। 

অৱশ্যে আৰক্ষীয়ে পাছত খেদি খেদি কৰায়ত্ত কৰিবলৈ সক্ষম হয় এই দুৰ্বৃত্তক। আৰক্ষীলৈ গুলী চালনা কৰা ধৃত যুৱকজনৰ নাম সবিন বসুমতাৰী। তেওঁৰ ৰৌতাৰ বাসিন্দা। 

আৰক্ষীয়ে সবিনৰ পৰা জব্দ কৰিছে তেওঁ ব্যৱহাৰ কৰা বগা ৰঙৰ বলেৰ' বাহনখন। বাহনখনৰ নম্বৰ এ এছ ১২ এ ই ২০৮৬। এই বাহনখনৰ পৰা জব্দ কৰিছে বুজন পৰিমাণৰ গাঞ্জা। লক্ষ্যণীয় ভাৱে বাহনত ক'লা গ্লাছ লগোৱাটো নিষিদ্ধ যদিও সবিনে তেওঁৰ বাহনত ক'লা গ্লাছ লগায়েই মুক্তমনে ঘূৰি আছিল। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। 

গুলীচালনা গাঞ্জা সৰবৰাহকাৰী