মহানগৰীৰ পৰা অপহৃত দুই ব্যৱসায়ীক উদ্ধাৰ আৰক্ষীৰ...

মহানগৰীৰ পৰা অপহৃত দুই ব্যৱসায়ীক আজি উদ্ধাৰ কৰে আৰক্ষীয়ে

author-image
Asomiya Pratidin
New Update
তিনিচুকীয়াত চাঞ্চল্যঃ স্বামীয়ে শিৰচ্ছেদ কৰিলে পত্নীক !

dangor kotha

ডিজিটেল ডেস্ক : মহানগৰীৰ পৰা অপহৃত দুই ব্যৱসায়ীক মঙ্গলবাৰে উদ্ধাৰ কৰে আৰক্ষীয়ে। হাতীগাঁৱৰ এজন ড্রাগছ ব্যৱসায়ীয়ে অপহৰণ কৰিছিল দুই ব্যৱসায়ীক। ডিমাপুৰৰ দুই ব্যৱসায়ীক অপহৰণ কৰি ১০ লাখ টকাৰ মুক্তিপণ দাবী কৰিছিল ধৃত ড্রাগছ ব্যৱসায়ী জনে।

Advertisment

ব্যৱসায়ী দুজন আছিল ক্ৰমে কানহায়া সিং আৰু উত্তম জয়ছোৱাল। গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা অপহৰণ কৰিছিল দুয়োকে। অপহৰণ কৰি নি হাতীগাঁৱৰ হাউছফেড ৰোডত ৰাখিছিল দুয়োকে। উল্লেখ্য যে, ১৪ এপ্রিলত সংঘটিত হৈছিল এই ঘটনা।

আনহাতে বৰ্তমান পলাতক অৱস্থাত আছে ফাৰুক আহমেদ। ড্রাগছ ব্যৱসায়ী ফাৰুক আহমেদৰ সন্ধানত নামি পৰিছে আৰক্ষী। ঘটনাৰ সন্দৰ্ভত ফাৰুকৰ পত্নী অলি দেৱী নাথক আটক আৰক্ষীৰ ।

Also Read: ৰহাৰ খাইগড়ত ৰে’লৰ খুন্দাত নিহত এজন...